আছুৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি ছাত্ৰ নেতা দাদুল বৰাৰ দেহাৱসান :

কাজিৰঙা লাইভ, বোকাখাত, ১২ অক্টোবৰ :
বোকাখাতৰ এজন জনপ্ৰিয় ছাত্ৰ নেতা দাদুল বৰাৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৷বোকাখাত কৰৈআটি গাওঁৰ নিৱসী দাদুল বৰা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দাদুল বৰাই সন্মুখৰ পৰা ছাত্ৰ সংগঠনৰ নেতৃত্ব দিছিল ৷ নিজকে সদায় আছুৰ কৰ্মী বুলি চিনাকী দি ভালপোৱা দাদুল বৰা কিছু দিনৰ পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ যোৱা নিশা চিকিৎসাধীন অৱস্থাতে ছাত্ৰ নেতাজনে শেষ নিঃশ্বাস ত্যাগ কৰে ৷সাংগঠনিক নেতৃত্ব দিব পৰা দাদুল বৰাই নতুন প্ৰজন্মক আছুৰ মজিয়ালৈ উলিয়াই আনিছিল ৷ ছাত্ৰ সংগঠনৰ উপৰিও বোকাখাতৰ সামাজিক জীৱনতো দাদুল বৰা ওতঃপোত ভাৱে জড়িত আছিল ৷গুৱাহাটীৰ পৰা দাদুল বৰাৰ নশ্বৰ দেহা বোকাখাত পোৱাৰ পিচত আজি বোকাখাত থকা আছুৰ কাৰ্যলয়লৈ নিয়া হয় ৷ তাতে দাদুল বৰাৰ নশ্বৰ দেহাত আছুৰ পতাকা প্ৰদান কৰাৰ লগতে আছুৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বোকাখাতৰ বিভিন্ন দল সংগঠনেও শ্ৰদ্ধাঞ্জলি জনায় ৷ দাদুল বৰাৰ মৃত্যুত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা, নাট্যমন্দিৰ পৰিচালনা সমিতি আদিৰ লগতে বহু দল সংগঠনেৰ গভীৰ শোক প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *