বিশ্ব প্ৰকৃতি নিধি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাষৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন :

কাজিৰঙা লাইভ, বোকাখাত, ০৩ ডিচেম্বৰ :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত কাজিৰঙাৰ কাষৰীয় গাওঁৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শুক্ৰবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয় ৷ এই কাৰ্যসুচীত বোকাখাতৰ বিভিন্ন মহাবিদ্যালয়ৰ ১৫ গৰাকী আৰু কাঞ্চনজুৰি এনিমেল কৰিডৰৰ কাষৰীয় গাওঁৰ লগতে মহাবিদ্যালয়ত অধ্যয়নৰত ১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ বিশ্ব প্ৰকৃতি নিধি আৰু উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই সকল ছাত্ৰ ছাত্ৰীক কাজিৰঙাৰ বাগৰি বনাঞ্চল দৰ্শন কৰোৱাৰ উপৰিও এক অনুষ্ঠান আয়োজন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অৱগত কৰোৱা হয় ৷ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, বিশিষ্ট পক্ষীবিদ আবিদুৰ ৰহমান, জেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ কুমাৰ বৰা, সমন্বয়ক ত্ৰিদিপ শৰ্মা আৰু গৱেষক শাৰংগ উপস্থিত থাকে ৷ অনুষ্ঠানত কাজিৰঙাৰ ভৌগলিক অৱস্থিত, জৈৱতন্ত্ৰ, জীৱকুল, পৰিচালনা ও সংৰক্ষণ প্ৰচেষ্টা, বিভিন্ন প্ৰজাতি পখী, উদ্ভিদ আৰু ঘাঁহনি আদিৰ বিষয়ে এক সম্যক ধাৰণা দিয়া ৷ কাজিৰঙাৰ কাষৰীয় গাওঁৰ হৈও প্ৰথম বাৰৰ বাবে কাজিৰঙা দৰ্শন কৰি উৎফুল্লিত হয় অংশ গ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী ৷ উল্লেখ্য যে উদ্যান দৰ্শন কৰোৱা এই সকল ছাত্ৰ ছাত্ৰীয়ে বিগত সময়ত কাজিৰঙাৰ পানবাৰী, হালধিবাৰী আৰু কাঞ্চনজুৰি পৰিস্কাৰ কৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষনত কৰ্তৃপক্ষক সহায় কৰিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *