কাজিৰঙাত সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ ডি এছ পিৰ : গৰিহণা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ মে’ : যিসময়ত সমগ্ৰ বিশ্বৰ লোকেই কৰ’ণা মহামাৰীৰ আতংকত ত্ৰস্তমান হৈ লক’ডাউন মানি ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি ৰাখি নিজৰ নিজৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ চেষ্টাত ব্যস্ত হৈ আছে সেইসময়তেই অন্যান্য জৰুৰীকালীন সেৱা সমূহৰ সমান্তৰালভাৱে সংবাদকৰ্মী সকলেও নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি সৰ্বসাধাৰণ ৰাইজক প্ৰকৃত তথ্য তথা সজাগ কৰি তোলাৰ বৃহৎ স্বাৰ্থত অহৰ্নিশে ব্যস্ত আছে নিজৰ কৰ্তব্য পালনত ৷ ইয়াৰ ব্যতিক্ৰম হোৱা নাই অসমৰ সংবাদ ক্ষেত্ৰখনতো ৷ এটাৰ পাছত এটাকৈ চিনাক্ত হোৱা কৰ’ণাত আক্ৰান্ত ৰোগীৰ ক্ৰমবৰ্ধমান খবৰে ভয়াবহ ৰূপ লোৱাৰ সময়ত অসমৰ সংবাদকৰ্মী সকলেও নিজৰ জীৱন বিপন্ন কৰিও প্ৰকৃত তথ্যৰে জনগণক সজাগ কৰি তোলাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া প্ৰমূখ্যে অন্যান্য সন্মানীয় মন্ত্ৰী সকলেও অসমৰ সংবাদকৰ্মী সকলৰ এই প্ৰচেষ্টাক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰিছে ৷ এনে সময়তে এজন আৰক্ষী বিষয়াৰ স্বেচ্ছাচাৰীতাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অধিকাৰত আঘাত সনা কাৰ্যক একেমুখে ধিক্কাৰ জনাইছে অসম ৰাজ্যিক সাংবাদিক সন্থাই ৷ সাংবাদিকক শাৰীৰিক ভাবে অপদস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে। অভিযোগ মতে, গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই ইতিপূৰ্বে গোলাঘাট জিলাৰ বহু সাংবাদিকক অপমান কৰাৰ অভিযোগ থকা স্বত্বেও এই উপ আৰক্ষী অধীক্ষকজনে একাংশ ৰাজনৈতিক নেতাৰ আশীষ ধন্য হৈ বহুবছৰ ধৰি একেখন জিলাতে কৰ্মৰত হৈ থকাৰ সুযোগ লাভ কৰিছে ৷জানিব পৰা মতে, কালি কাজিৰঙা কঁহৰাৰ আয়’ৰা ৰিজৰ্টত অনুস্থিত হৈ যোৱা এখন পৰ্যালোচনা সভাত অংশগ্ৰহণৰ উদ্দেশ্যে কাজিৰঙালৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষী গেষ্ট হাউচত প্ৰবেশৰ পাছতেই চৰ্ট চাৰ্কিটৰ ঘটনা সংঘটিত হয় গেষ্ট হাউচত ৷ ঘটনাৰ সম্ভেদ পাই এটা ব্যক্তিগত নিউজ চেনেলৰ কাজিৰঙাৰ সাংবাদিক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংস্কৃতিক সম্পাদক ও কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজক বাতৰি সংগ্ৰহৰ বাবে ততালিকে ঘটনাস্থলীত উপস্থিত হয়গৈ ৷ কিন্তু এই উদ্ধত উপ আৰক্ষী অধীক্ষক
পাৰ্থপ্ৰতিম শইকীয়াই বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক গৰাকীৰ লগতে তেখেতৰ কেমেৰা পাৰ্চনক গতিয়াই গেটৰ বাহিৰলৈ উলিয়াই দিয়াৰ লগতে শাৰীৰিক ভাৱে অপদস্ত কৰে ৷ আৰক্ষী বিষয়াজনৰ এনে কাৰ্য্যক গৰিহণা দিছে অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই ৷ জিলাখনৰ সচেতন মহলে এতিয়া প্ৰশ্ন তুলিছে , ইতিপূৰ্বেও গোলাঘাট জিলাৰ বহু সাংবাদিকক অপমানিত কৰিও এই জিলাতে কৰ্মৰত হৈ দপদপাই ফুৰিবলৈ সক্ষম হোৱা ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট এইজন উপ আৰক্ষী অধীক্ষক বিষয়াক নাকী লগাবলৈ সক্ষম হ’বনে সংশ্লিষ্ট উৰ্ধতন কৰ্তৃপক্ষই? সাম্প্ৰতিক সময়ত চৰকাৰখনক সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰি অহা সাংবাদিক সকলক কৰা এনে দুব্যৱহাৰৰ উত্তৰ হিচাপে বৰ্তমানৰ চৰকাৰখনেও এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব বুলিও মত পোষণ কৰে সচেতন মহলৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *