কৃষিমন্ত্ৰীৰ সমষ্টিত কৃষক সন্মান নিধিৰ ধনৰ লুণ্ঠন। তদন্তৰ নামত ভেকোভাওঁনা নকৰিবলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ মে’ : লকডাউনে কোঙা কৰি পেলালে ৰাজ্যৰ কৃষকসকলক ৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি কৃষকৰ বাবে ৰূপায়িত আঁচনিৰ ধন আত্মসাৎ কৰিছে একাংশই ৷ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰূপায়ন হোৱা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন সোমাল একাংশ অকৃষকৰ পকেটত ৷ আনকি চৰকাৰী চাকৰিয়ালৰ পত্নী জীয়ৰী নামো সন্নিবিষ্ট হৈছে কৃষকৰ তালিকাত। এনে সময়ছোৱাতে ৰাজ্যৰ কৃষিমন্ত্ৰীয়ে এই আঁচনিৰ সৈতে জড়িত বৰপেটা জিলাৰ কৃষি বিষয়াক নিলম্বন কৰিছে ৷ আনহাতে ভূৱা কৃষকক প্ৰদান কৰা ধন ঘূৰাই অনা হব বুলি সদৰি কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷ ইয়াৰ বিপৰীতে কৃষিমন্ত্ৰীৰ নিজৰ সমষ্টি বোকাখাততো এই আচঁনিৰ হিতাধিকাৰী বাছনিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ চহা কৃষকৰ বিপৰীতে আঁচনিত সোমাইছে মাটিৰ নাম-গোন্ধ গাত নথকা একাংশ অকৃষকৰ নামও৷ ইয়াকে লৈ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকল ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকে কাজিৰঙাত উপস্থিত হৈ একাংশ কৃষকৰ সৈতে মত বিনিময় কৰি ঘটনাৰ উচিত তদন্তৰ দাৱী কৰিছে ৷ তদন্তৰ নামত ভেকোভাওঁনা নকৰিবলৈ আহ্বান জনাইছে কৃষিমন্ত্ৰীক ৷ইফালে কৃষিমন্ত্ৰীৰ নিজৰ সমষ্টিত আজিকোপতি হোৱা নাই এই আঁচনিৰ তদন্ত ৷ গতিকে অতি সোনকালে বোকাখাত সমষ্টিত তদন্ত কৰাৰ দাবী জনাইছে সংগঠনটোৰ বোকাখাত জিলা সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *