যোৰহাটত ৰোগী আৰু এম্বুলেঞ্চ চালকৰ কভিড ১৯ পজিটিব ওলোৱাৰ পাছত কাজিৰঙাত আতংক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ মে: মহাৰাষ্ট্ৰৰ পৰা এম্বুলেঞ্চেৰে অহা দুগৰাকী মহিলা সহ এম্বুলেঞ্চৰ চালক জনক যোৰহাটত পৰীক্ষা কৰাৰ পাছত কভিড ১৯ আক্ৰান্ত হোৱাৰ বাতৰিয়ে কাজিৰঙাৰত আতংকৰ সৃষ্টি কৰিছে ৷ কাৰণ আন যানবাহনৰ লগতে বহিৰাজ্যৰ পৰা অহা এম্বুলেঞ্চ সমূহৰ গোলাঘাট জিলাত প্ৰৱেশ কৰাৰ সময়ত কাজিৰঙাত আৰক্ষীয়ে পৰীক্ষা কৰি আহিছে ৷ এনেক্ষেত্ৰত কহঁৰাত পৰীক্ষা কৰা এম্বুলেঞ্চ সমূহ পৰীক্ষা কৰাৰ সময়ত চালক আৰু যাত্ৰী এম্বুলেঞ্চৰ নমাবুলি ওলোৱা উৰা বাতৰিয়ে কাজিৰঙাত আতংকৰ সৃষ্টি কৰিছে ৷ ইয়াৰ বিপৰীতে কহঁৰা আৰক্ষীয়ে প্ৰকাশ কৰা মতে এম্বুলেঞ্চ সমূহৰ নম্বৰ কহঁৰাত পঞ্জীয়ন কৰা হয় ৷ তাৰবাবে ক্ষন্তেক সময়ৰ বাবে এম্বুলেঞ্চৰ কোনো লোকক নামিবলৈ দিয়া হোৱা নাই ৷সকলো এম্বুলেঞ্চ আৰক্ষীৰ নিৰাপত্তাৰ মাজত যোৰহাটৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৰহাটত পৰীক্ষাৰ পাছত কভিড পজিটিভ পোৱা এম্বুলেঞ্চ খন শুকুৰবাৰে নিশা কঁহৰাত উপস্থিত হৈছিল ৷মাত্ৰ পাঁচ মিনিট মান সময় ৰাখি এম্বুলেঞ্চখন যোৰহাটলৈ যাবলৈ দিয়া হৈছিল। এম্বুলেঞ্চ খনৰ কোনোলোক নামি অহা নাছিল ৷গতিকে ইয়াকে লৈ শংকাৰ কোনো কাৰণ নাই বুলি কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাই সংবাদ মধ্যমক জানিবলৈ দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *