কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন, খৰ্গ লৈ উধাও চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ মে’: ৰাজ্যজুৰি কৰ’না ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি দেশত লক ডাউন চলি অব্যাহত থকাৰ সময়তে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দুআমাৰী বিলৰ পাৰত উক্ত গঁড় হত্যাৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি লক ডাউনৰ সুবিধা গ্ৰহণ কৰি চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি অতি নিৰ্মমভাৱে অসম গৌৰৱ এশিঙিয়াক হত্যা কৰি খৰ্গ কাটি উধাও হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অৰ্ন্তভাগত প্ৰৱেশ কৰি চোৰাং চিকাৰীয়ে এ কে ৪৭ ৰাইফলেৰে ৮ জাই গুলী কৰি অসম গৌৰৱ এশিঙিয়াক থকাসৰকা কৰি খৰ্গ কাটি নিবলৈ নিবলৈ সক্ষম হয় ৷ কিন্তু সেই বিষয়ে কোনো গমকে নাপালে বিয়াগোম বন বিভাগটোৱে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মী দলে গিজগিজাই থকাৰ পাছটো চোৰাং চিকাৰী প্ৰৱেশ কৰি গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হোৱাৰ পাছটো বনবিভাগৰ লোকে গম নোপোৱাটোও এক ৰহস্যজনক ৷ পৰৱৰ্তী সময়ত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এ কে ৪৭ ৰাইফলৰ আঠ জাই খালী কাৰ্টিজ উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰা আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত আজি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দাতিকাষৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰে ৷ উক্ত পৰিদৰ্শন কালত বনবিভাগৰ লোকেও কৃষিমন্ত্ৰী গৰাকীৰ সৈতে সংগ দিয়ে। কিন্তু লক্ষণীয় যে, ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে সংঘটিত কৰা এই গঁড় হত্যাৰ ঘটনাৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত নকৰিলে বন বিভাগে ৷ সম্প্ৰতি ৰাজ্যৰ বিয়াগোম বনবিভাগটোৰ এনে কাৰ্যই স্থানীয় সচেতন মহলত তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷ অন্যহাতে, ২০২০ বৰ্ষৰ এইটো প্ৰথমটো গঁড় হত্যাৰ ঘটনা বুলি জানিবলৈ দিয়ে বনবিভাগে ৷ ইয়াৰপূৰ্বে ২০১৯ চনৰ ১ এপ্ৰিলত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰীয় উদ্যান খনত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *