প্ৰশাসনৰ নিৰ্দেশ নমনা দোকানৰ বিৰুদ্ধে বোকাখাতত অভিযান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ মেঃ তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়ত মহকুমা প্ৰশাসনে কিছু নিৰ্দেশ জাৰি কৰিছিল যদিও একাংশ ব্যবসায়ীয়ে নিৰ্দেশক অমান্য কৰাৰ বাবে শুক্ৰবাৰে বোকাখাত নগৰত মহকুমা প্ৰশাসনে অভিযান চলায়। প্ৰতিদিনে সকলো দোকান খুলিব নোৱাৰে যদিও সেই নিৰ্দেশ নামানি বহু দোকান খুলি ৰখা, মাস্ক নিপিন্ধা, সামাজিক দূৰত্ব মানি নচলা, আদিৰ বাবে দোকান ত অভিযান চলাই কেবাখনো দোকান তলা মাৰি দিয়াৰ ওপৰি জৰিমনা লোৱা হয়। মাস্ক নিপিন্ধা লোকক ৫০০টকাকৈ জৰিমনা বিহা হয়। হেলমেট নিপিন্ধা লোককো জৰিমনা বিহা হয়। আজি অভিযান কালত মহকুমাধিপতি বিবেক শ্যাম, কাৰ্য্যবাহী দণ্ডাধীশ ৰনোন্ময় ভৰদ্বাজ, মহকুমা আৰক্ষী বিষয়া পৃথিৰাজ ৰাজখোৱা, যানবাহন আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গোবিন কাকতি আদিৰ লগতে বোকাখাতৰ সংবাদ কৰ্মীসকল উপস্থিত থাকে। মহকুমাধিপতি বিবেক শ্যামে জনোৱা মতে সন্ধ্যা ৬বজাৰ পৰা পুৱা ৬বজালৈ সান্ধ্য আইন কঠোৰভাবে প্ৰয়োগ কৰা হৈছে বোকাখাত মহকুমাত ৷ আনহাতে, শুক্ৰবাৰৰ দিনটোত বোকাখাত নগৰত জৰিমনা বিহী প্ৰায় ৮০০০ টকা ৰাজহ সংগ্ৰহ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *