অসম সমবায় মৰাপাট কলত উৎপাদন আৰম্ভ । শ্ৰমিক-কৰ্মচাৰী আৰু বিষয়াবৰ্গই নলয় লক্ ডাউনৰ সময়ৰ মজুৰি আৰু দা-দৰমহা ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ মেঃ লক্ ডাউনৰ মাজতে আহিছে এটা ভাল খবৰ । সমবায় খণ্ডত প্ৰতিষ্ঠিত অসমৰ একমাত্ৰ মৰাপাট উদ্যোগ “অসম সমবায় মৰাপাট কল”ত আজিৰে পৰা পূৰ্ণ গতিত আৰম্ভ হৈছে উৎপাদন প্ৰক্ৰিয়া । কলটোৰ প্ৰবেশ পথত ব্যৱস্থা কৰা হৈছে ছেনিটাইজাৰৰ । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মৰাপাট কলটোৰ যন্ত্ৰাংশ সমূহ যোৱা দুদিন ধৰি প্ৰয়োজনীয় মেৰামতিৰে কাৰ্যক্ষম কৰি আজিৰে পৰা তিনিটাকৈ খেপত পূৰ্ণ গতিত আৰম্ভ হৈছে উৎপাদনৰ কাম-কাজ । ইয়াৰ মাজতে থকা আনটো ভাল খবৰ হ’ল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটস্থিত এই অসম সমবায় মৰাপাট কলৰ শ্ৰমিক-কৰ্মচাৰীকে ধৰি বিষয়া বৰ্গই নলয় লক্ ডাউনৰ সময়ৰ মজুৰি অথবা দা-দৰমহা । সমগ্র বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা মাৰত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত দেশজুৰি বলবৎ হৈ থকা লক্ ডাউনৰ সময়ত ৪২ দিন ধৰি বন্ধ থকা মৰাপাট উদ্যোগটোৰ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহাৰ বাবদ প্ৰায় ২ কোটি টকা প্ৰয়োজন যদিও কলটোৰ স্বাৰ্থত এই ধন নোলোৱাৰ সিদ্ধান্ত লৈছে শ্ৰমিক-কৰ্মচাৰী সকলে । প্ৰায় ৯ কোটি টকা লোকচানত চলি থকা ৰাজ্যৰ সমবায় খণ্ডৰ এক মাত্ৰ উদ্যোগ অসম সমবায় মৰাপাট কলটোৰ চেয়াৰমেন, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আৰু ভাইচ চেয়াৰমেন পলাশ বৰাই তেওঁ লোকৰ আঢ়ৈ বছৰীয়া কাৰ্যকালৰ মাহেকীয়া পাৰিশ্ৰমিক ২৭ লাখ টকা উদ্যোগটোৰ স্বাৰ্থত ত্যাগ কৰা বুলি সঞ্চালক গৰাকীয়ে জানিব দিয়ে। ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৰ ৯৯% অংশ আছে ৰাজ্য চৰকাৰৰ । সেয়েহে কলটোৰ অংশীদাৰ ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনালে কলটোৰ শ্ৰমিক সংগঠনে । ইয়াৰ মাজতে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে আজি মৰাপাট উদ্যোগটোত উপস্থিত হৈ বুজ লোৱা পৰিলক্ষিত হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *