কাজিৰঙাত ছোৱাইন ফিভাৰ ৰোধবাবে তৎপৰ উদ্যান কৰ্তৃপক্ষ। স্থানান্তৰ বিভাগীয় হাতী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে তৎপৰ হৈ উঠিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে ছোৱাইন ফিভাৰে ৷ মৃত্যু মুখত পৰিছে শ-শ গাহৰি ৷ এনে সময়তে ব্ৰহ্মপুত্ৰ নদীত উটি আহি ইটোৰ পাছত সিটো গাহৰিৰ মৃতদেহ সোমাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ ব্ৰহ্মপুত্ৰত উটি অহা মৃত গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ বন সংমণ্ডলৰ অন্তৰ্গত ষষ্ঠ সংযোজন এলেকাত প্ৰবেশ কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ যাৰ বাবে তৎপৰ হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ উত্তৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসৰ তৎপৰতাত নদীত ৰচী বান্ধি নদীত উটি অহা গাহৰিৰ মৃতদেহ উদ্ধাৰ কৰি পুতি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বনকৰ্মীয়ে ৷ শেহতীয়া তথ্য মতে ৩০ টাৰো অধিক মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ একেদৰে ধনশিৰি নদীতো দৃষ্টি ৰাখিছে উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলতো গাহৰি ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ পাছত পশু চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংস্থাৰ লগত আলোচনাত মিলিত হৈ ২২ টা পশু চিকিৎসাৰ গোট গঠন কৰি ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত সজাগতাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখকে ধৰি আন বন শিবিৰত থকা বিভাগীয় হাতী সমূহ আঁতৰাই নিয়া হৈছে ৷ কাৰণ হাতী সমূহক যোগান ধৰা দানা ভক্ষণ কৰে বনৰীয়া গাহৰিয়ে ৷ দানা খাবলৈ নিতৌ শিবিৰ সমূহলৈ আগমন হয় বনৰীয়া গাহৰিৰ ৷ গতিকে আগতীয়া সাৱধানতা অৱলম্বন কৰি হাতী বিলাক ৰাষ্ট্ৰীয় উদ্যানৰ আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *