কলিয়াবৰত শিশুক যৌন নিৰ্যাতনৰ ঘটনা ৷আৰক্ষীৰ তদন্ত ৷

কাজিৰঙা লাইভ, কলিয়াবৰ, ৩১ অক্টোবৰ : নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহবাগিচাৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে এক জঘন্য কাণ্ড । পাঁচ বছৰ সম্পূৰ্ণ হবলৈ এতিয়াও ২ মাহ বাকী থকা এগৰাকী শিশুক যৌন নিৰ্যাতনৰ দৰে এক জঘন্য কাণ্ড সংঘটিত কৰিছে ১৫ বছৰীয়া লৰাই । ভুক্তভোগী কিশোৰী গৰাকীৰ মাক- দেউতাক বাগিচাৰ কামত যোৱাৰ সুযোগ গ্ৰহণ কৰি সংঘটিত কৰিছিল যৌন নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড। ষষ্ঠ মান শ্ৰেণীত পঢ়া বায়েকৰ লগত ঘৰত আছিল কনমানিজনী । বাৰিৰ কুৱাৰ পৰা পানী আনিবলৈ গৈ ঘুৰি আহি বায়েকে এই জঘন্য কাণ্ড প্ৰত‍্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত পলায়ন কৰে দুস্কাৰ্য সংঘটিত কৰা লৰাজন । কনমানিজনীৰ ৰক্ত ক্ষয় হোৱাত জখলাবন্ধা চিকিৎসালয়লৈ অনাৰ পাছতে নিশা সমগ্ৰ তথ‍্য পোহৰলৈ আহে । চিকিৎসালয়ৰ চিকিৎসকে ঘটনাৰ সঠিক তদন্তৰ বাবে আৰক্ষীক অবগত কৰাত কলিয়াবৰ আৰক্ষী থানাৰ অধীনৰ মিছা আৰক্ষী চকীৰ আৰক্ষী জখলাবন্ধা চিকিৎসালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *