কাজিৰঙাত দুই শতাধিক ভকতৰ উপস্থিতিত পঞ্চম বাৰ্ষিক ভাগৱত পাঠৰ লাইখুটা স্থাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ফেব্ৰুৱাৰী:
জাত কুল ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি পৃথিৱীৰ পৰিধিৰ অতিক্ৰমী মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে নৱ বৈষ্ণৱ বাদৰ শক্তিৰে গঢ়া বৃহত্তৰ অসমীয়া জাতিৰ এনাজৰীডাল থান -বান হব ধৰিছে ৷ চাৰিওফালে মুৰ দাঙি উঠিছে অশান্তিৰ দাৱানল ,হত্যা -লুণ্ঠন ,দুৰ্নীতি -ব্যভিচাৰ ,দুস্কৃতি ভ্ৰষ্টাচাৰ ৷ ক্ৰমে ক্ৰমে শেষ হৈ আহিব ধৰিছে মহাপুৰুষ জনাৰ “অসমীয়া জাতি”ৰ ভেটি ৷ধ্বংসমুখী বিশ্বৰ মানৱ জাতিৰ অস্তিত্ব সংকটৰ সময়ত সকলোৱে অসমত জন্ম গ্ৰহণ কৰি অসমীয়া,চাহ -মজদুৰ ,অন্যান্য জনগোষ্ঠী ,অনা -অসমীয়া সকলোৰে বাবে প্ৰাসঙ্গিকতাক প্ৰতিজন অসমীয়াই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি মানৱ জাতিক জীয়াই ৰখাৰ সময় আহি পৰিছে ৷ এই মহান উদ্দেশ্যক লক্ষ্য ৰাখিয়েই কাজিৰঙা দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত দিৰিং চাৰিআলি যুৱক বৃন্দ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে পঞ্চম বাৰ্ষিক “ভাগৱত পাঠ, ভাওঁনা আৰু মুখা অভিনয় প্ৰদৰ্শন” অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসুচী তথা লাইখুটা স্থাপন অনুষ্ঠান আজি প্ৰায় দুই শতাধিক ভকতৰ উপস্থিতিত সুকলমে হৈ যায় ৷ অসমীয়া নৱবৰ্ষক আদৰণি জনোৱাৰ লগতে বিশ্ববিখ্যাত অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত উদযাপন কৰা হয় এই ভাগৱত পাঠ অনুষ্ঠানৰ ৷ বিগত চাৰিটা বৰ্ষত ৰাইজৰ সম্পুৰ্ণ সহযোগিতাৰ পাছত এই বৰ্ষতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ কাজিৰঙাবাসী ৰাইজ একত্ৰিত হৈ মানৱ জাতিৰ কল্যানাৰ্থে ধৰ্ম কৰ্ম পন্থা সকলোৰে উদ্ধত থাকি গুৰু জনাৰ সপোন বাস্তয়াবিত কৰাৰ প্ৰয়াসেৰে দিৰিং চাৰিআলিত অহা ৩,৪,৫, ৬ চ’ত ,ইংৰাজী ১৭, ১৮, ১৯ আৰু ২০ মাৰ্চ তাৰিখে উদযাপন হবলগীয়া অনুষ্ঠানত আসন প্ৰতিষ্ঠা ও নাম প্ৰসংগ,ভাগৱত আদৰণি,দৈৱকীৰ দ্বাৰা সৰোবৰত শান্তিজল প্ৰতিষ্ঠা,ধৰ্মধ্বজা উত্তোলন,ধৰ্ম বন্তি প্ৰজলন,ভাগৱত উদ্বোধন আদি কাৰ্যসুচীৰ লগতে ১৪ আৰু ১৫ মাৰ্চৰ নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভাওনা ও মুখা অভিনয় প্ৰদৰ্শন কৰোৱা হব ৷ কাজিৰঙাৰ উদীয়মান প্ৰায় চল্লিশ জন যুৱকৰ দ্বাৰা সংগঠিত কাজিৰঙা যুৱ বৃন্দই আগবঢ়োৱা ভাওনা খন যোৰহাটৰ সপ্ত বৈকুণ্ঠ শিল্পী সমাজৰ নৃসিংহ মূৰাৰী আৰু চামগুৰি সত্ৰ মাজুলীৰ মুখা অভিনয় প্ৰদৰ্শন কৰা হব ৷কাজিৰঙাৰ চেপেনাকোবোৱা গাওঁৰ ধৰ্মপ্ৰাণ সমাজসেৱক জোনাৰাম গগৈয়ে নাৰিকল ভাঙি লাইখুটা স্থাপন কৰাৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে পঞ্চম বাৰ্ষিক ভাগৱত পাঠ উদযাপন সমিতিৰ উপদেষ্টা হেমকান্ত শইকীয়া,,তপন শইকীয়া,ভুমিধৰ গগৈ, লুহিত গগৈ,ডম্বৰু উপাধ্যায়,খগেশ্বৰ গগৈ, জিতু গগৈ,নৱীণ শইকীয়া,চুচেন গগৈ,তপন তামূলী,নিতুল বৰা,কল্পজ্যোতি বৰা,লোকেশ্বৰ নাথৰ লগতে দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাৰ সমুহ ব্যৱসায়ী ৷লাইখুটা স্থাপনৰ পাছত পঞ্চম বাৰ্ষিক ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি কুমুদ শইকীয়া,কাৰ্য্যকৰী সভাপতি আমোল শইকীয়া,সম্পাদক ললিত বড়া,কাৰ্যকৰী সম্পাদক মনোজ প্ৰতিম শইকীয়াই সমুহ অসমবাসীক অনুষ্ঠান ভাগিত উপস্থিত থাকি সকলোটি কাৰ্যসুচী তে সহায় সহযোগিতাৰে অংশ গ্ৰহণ কৰি দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাৰ এই প্ৰচেষ্টাক বিশ্ব শান্তি ও মানৱ কল্যাণ সাধনত সাফল্যমণ্ডিত কৰিবলৈ সকাতৰে অনুৰোধ জনায় উদযাপন সমিতিৰ বিষয়ববীয়াই ৷ ইফালে কাজিৰঙা অঞ্চলৰ প্ৰায় দহখন গাওঁৰ সহযোগত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোৰ ধৰ্মধ্বজা উত্তোলন কৰিব কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ সভাপতি তথা ধৰ্মপ্ৰাণ সমাজসেৱক টংকেশ্বৰ বৰাই ৷ বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব জীতেন হাজৰীকা,ধৰ্মপ্ৰাণ সমাজসেৱক ও অৱসৰ প্ৰাপ্ত বেংক শাখা পৰিচালক,অসম গ্ৰামিন বিকাশ বেংক,কাজিৰঙা শাখা,বৃক্ষৰোপণ কৰিব পলাশ গগৈ,ধৰ্মপ্ৰাণ সমাজসেৱক ও সম্পাদক নৱজ্যোতি শিল্পী সমাজ কাজিৰঙা, আৰু ধৰ্মবন্তি প্ৰজ্বলন কৰিব পদ্ম গগৈ ধৰ্মপ্ৰাণ সমাজসেৱক ও নামঘৰীয়া বংশীবাদন নামঘৰ ,ভাগৱত উদ্বোধন কৰিব লোকেশ্বৰ নাথ,ধৰ্মপ্ৰাণ সমাজসেৱক ও সম্পাদক বেজগাও নামঘৰ পৰিচালনা সমিতি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *