কাজিৰঙাৰ পৰা মানহলৈ স্থানান্তৰ দুটা গঁড়

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ ফেব্ৰুৱাৰী: অসম বাসীৰ বাবে এক সুখবৰ ৷ অসমত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা ৷বন বিভাগৰ সূত্ৰ মতে কাজিৰঙা,মানাহ, পবিতৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা গঁড়ৰ মুঠ সংখ্যা বৰ্তমান ২৮০০ ৰো অধিক। কাজিৰঙাত এক সংবাদ মেলত এই কথা সদৰি কৰিছে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে ৷ উল্লেখযোগ্য যে অসমত গঁড়ৰ বিচৰণ ভূমি সম্প্ৰসাৰণ আৰু গঁড়ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ২০০৮ চনত আৰম্ভ কৰা ইণ্ডিয়ান ৰাইন’ ভিচন ২০২০ ৰ শনিবাৰে অন্ত পৰে ৷ এই প্ৰকল্পৰ আধাৰত অসমত গঁড়ৰ সংখ্যা ৩০০০ ৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল। আই আৰ ভি প্ৰকল্পৰ ভিতৰত গঁড় বন্যৰ পৰা বন্যলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াও সন্নিবিষ্ট কৰা হৈছিল ৷ইয়াৰ আধাৰত শনিবাৰে কাজিৰঙাৰ পৰা মানাহলৈ স্থানান্তৰ কৰা হয় দুজনী গঁড় ৷ গঁড়ৰ বিচৰণ ভূমি সপ্ৰসাৰণৰ উৰ্দ্দেশ্যেৰে ২০০৮ চনৰ পৰা ২০১২ চনলৈকে আৰভিআই প্ৰকল্পৰ অধীনত কাজিৰঙাৰ পৰা ৮ টা আৰু পবিতৰাৰ পৰা ১০ টাকে ধৰি মুঠ ১৮ টা গঁড় মানাহলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *