কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকক বদলিৰ দাবীত কঁহৰাত অৱস্থান ধৰ্মঘট।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ ফেব্ৰুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ পত্নীৰ উদ্যানত নাইট চফৰক কেন্দ্ৰ কৰি উত্তপ্ত কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰক বদলি কৰণৰ লগতে সঞ্চালকৰ পত্নীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবীত কাজিৰঙা উন্নয়ন আৰু জীপ চাফাৰী সংস্থা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ জীপ চাফাৰী সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। কাজিৰঙাৰ কঁহৰাত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকক বদলি কৰণৰ লগতে সঞ্চালক গৰাকীৰ পত্নীৰ ওপৰত বিহীত ব্যৱস্থা লোৱাৰ দাবী তুলি বিভিন্ন শ্ল’গানেৰে কঁপাই তোলে আকাশ বতাহ। উল্লেখ যে, এসপ্তাহৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ পত্নী সথ্যপ্ৰিয়া শিৱ কুমাৰে নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত প্ৰৱেশ কৰি টৰ্চ লাইটৰ পোহৰত এটা ঢেকীয়াপতিয়া বাঘৰ ভিডিঅ’ সংগ্ৰহ কৰি ব্যক্তিগত ফেচবুক একাউণ্টত প্ৰকাশ কৰিছিল। সথ্যপ্ৰিয়া শিৱ কুমাৰে বন আইন উলংঘা কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কাজিৰঙাত। সঞ্চালকৰ পত্নীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি কঁহৰাত অবস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠন কেইটাই। সংগঠন কেইটাই সঞ্চালক গৰাকীৰ শাস্তিমূলক বদলিৰ দাবী তুলি বোকাখাত মহকুমা প্ৰশাসনৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *