“দ্যা মেন হু স্পিকচ্ নেচাৰ” লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় বঁটা

প্রদ্যুত মহন্ত, বোকাখাত,২০ অক্টোবৰ: ইউৰোপ মহাদেশৰ বেলজিয়ামৰ নামূৰ চহৰত ১১ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ( Festival International Nature Namur, 2019 ত) অসমৰ চুটি ছবি The Man Who ‘Speaks’ Nature, Professional Films Competition Category ত শ্ৰেষ্ঠ চুটি ছবি হিচাবে নিৰ্বাচিত হৈছে ৷ ১৯৯৫ চনৰ পৰা ইউৰোপ মহাদেশৰ বেলজিয়ামৰ নামূৰত অনুষ্ঠিত এই প্ৰকৃতি বিষয়ক মহোৎসৱৰ লগত সংগতি ৰাখি তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত ৮২ দেশৰ ৭৭৪ খন ছবিয়ে Professional Fims Competition Categoryত অংশগ্ৰহণ কৰিছিল ৷ “Professional Films Competition Category” ত অসমৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ ইতিমধ্যে বহূলভাবে সমাদৃত আৰু পুৰস্কৃত চুটি ছবি “দ্যা মেন হু স্পীকচ নেচাৰ”ক বিশ্বৰ ৪২ ছবিৰ ভিতৰত শ্ৰেষ্ঠ চুটি ছবি হিচাবে নিৰ্বাচিত কৰে ৷ নামূৰৰ এচিনাপ’লিচ ম’ভি থিয়েটাৰত ১৮ অক্টোবৰত অসমৰ পৰা অংশগ্ৰহণ কৰা ছবিখন প্ৰদৰ্শন কৰা হয় আৰু ১৯ অক্টোবৰৰ নিশা নামূৰত অনুষ্ঠিত জাকজমকীয়া বঁটা বিতৰণী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে বেলজিয়ামত অনুষ্ঠিত এই মহোৎসৱ ১৯৯৫ চনৰ পৰা একেৰাহে অনুষ্ঠিত হৈ আহিছে আৰু পৃথিৱীখনৰ পৰিবেশ সচেতনতা তথা সজাগতাৰ বাবে পালিত হৈছে ৷ বেলজিয়ামৰ এই মহোৎসৱখন ইউৰোপত অনুষ্ঠিত এনেধৰণৰ মহোৎসৱ সমূহৰ শীৰ্ষ পাচখন মহোৎসৱৰ অন্যতম বুলি গণ্য হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী উক্ত সংক্ষিপ্ত তথ্যচিত্ৰখনে অসমস্থিত কাজিৰঙাৰ এজন স্ব-নিৰ্ভৰ পৰিবেশ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণবাদী মনোজ গগৈৰ জীৱন বৃত্তান্ত দাঙি ধৰিছে, যিয়ে নিজৰ সমগ্ৰ জীৱন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ উদ্ধাৰ তথা সংস্থাপনৰ অৰ্থে উচৰ্গা কৰিছে। এই ছবিখনে ইতিমধ্যেই সমগ্ৰ দেশৰে প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ ব্যক্তি তথা অনুষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে ৷ দেশ বিদেশৰ কেইবাটাও ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে মনোনীত হৈছে ৷ অলপতে ইউৰোপৰ হাংগেৰীৰ গডল’ চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবি প্ৰতিযোগিতাত “International Film Review documentaries – short films, videos, independent short films” বিভাগত শ্ৰেষ্ঠ ছবি হিচাবে বিবেচিত হৈছিল ৷অসমৰ এই চুটি ছবিখনে সৰ্বভাৰতীয় স্বীকৃতি হিচাবে ষষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল, ২০১৮ ত দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰে ৷ তদুপৰি, সৰ্বভাৰতীয় ফিল্ম ক্ৰিটিক গিল্ডে( Film Critic Guild of India) প্ৰথমবাৰৰ বাবে আয়োজন কৰা সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতা “Critic Choice Short Film Awards” ( CCSFA) ৰ বাবে তিনিটা শাখাত মনোনয়ন (নমিনেচন) লাভ কৰিছিল ৷ তথ্যচিত্ৰখনে ইয়াৰ লগতে বিশ্বব্যাপী বিভিন্ন চলচ্চিত্ৰ সমাৰোহৰ চৰকাৰী বাছনিত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা লাভ কৰে।
শ্ৰী মনোজ গগৈৰ ওপৰত আধাৰিত ছবিখনৰ পৰিকল্পনা ৰক্তিম হাজৰিকাৰ, নিৰ্দেশনা ধৃতিমান কাকতিৰ, চিনেমাট’গ্ৰাফী আৰু সম্পাদনা ৰক্তিম হাজৰিকাৰ, উভয়ে অসমৰ বোকাখাতৰ অধিবাসী। লগতে ছবিখনৰ বিতৰণ, লিখিত সংলাপ আৰু আন্তৰ্জাতিক সম্পৰ্ক যোৰহাটৰ প্ৰবাল বৰাৰ দ্বাৰা পৰিচালিত হয়। কাজিৰঙা বচা গাওঁ নিবাসী, পৰিবেশ কৰ্মী মনোজ গগৈৰ প্ৰকৃতি সংৰক্ষণ বিষয়ক কৰ্মৰাজীৰ ওপৰত আধাৰিত এই ছবিখনৰ পৰিচালক ২০ বছৰীয়া ধৃতিমান কাকতি হিমাছল প্ৰদেশৰ চিমলাত গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমত চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু ছবিখনৰ চিনেমাট‘গ্ৰাফাৰ তথা সম্পাদক ২১ বছৰীয়া ৰক্তিম হাজৰিকা বিচিএ (BCA)ৰ স্নাতক৷ দুয়োৰে ঘৰ বোকাখাতত ৷ ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ, বিতৰণ আৰু চাব টাইটলৰ দায়িত্বত থকা ২২ বছৰীয়া প্ৰৱাল বৰা এজন শ্ৰেষ্ঠ শব্দযন্ত্ৰী ৷ ছবিখনৰ নিৰ্মাণ “এম্পটিকাপ ফিল্মচ”ৰ বেনাৰত নিৰ্মিত প্ৰথম ছবি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *