বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত এক

কাজিৰঙা লাইভ, কলিয়াবৰ, ২২ অক্টোৱৰঃ
নগাঁও জিলাৰ কলিয়াবৰত বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত হয় এজন লোক । নিহত লোক জনৰ নাম উপেন বৰা (৫১)। ঘটনাটো সংঘটিত হৈছে কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন বাঘৰচুক গাঁৱত । আজি পুৱা পথাৰত গৰু এৰাল দিবলৈ যাওঁতেই সংঘটিত হয় কৰুণ ঘটনাটি । জানিব পৰা ম’তে, পথাৰৰ মাজতে বৰাই গৰু এৰাল দিয়াৰ সময়তে বন গাহৰিয়ে উপেন বৰাক অতৰ্কিতে আক্ৰমণ কৰি ধৰাশায়ী কৰে ৷ বৰাৰ আৰ্তনাদ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আহত বৰাক উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাকে মৃত ঘোষণা কৰে । উল্লেখ্য, কিছুদিন পূৰ্বে বাঘৰচুক অঞ্চলত বনৰীয়া গাহৰিয়ে কেইবাজনো লোকক কামুৰি আহত কৰিছিল । ঘটনাস্থলীত স্থানীয় বন বিভাগৰ লোক আহি বন গাহৰিৰ সন্ধানত অভিযান চলাই যদিও অঞ্চলটোৰ পৰা বন গাহৰি খেদি উলিয়াই নিয়াত সফল হোৱা নাই । ইফালে উপেন বৰা নামৰ লোক জনক আক্ৰমণ কৰি নিহত কৰা বন গাহৰিটোৰ ইতিমধ্যে স্থানীয় লোকৰ আক্ৰমণত মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *