কাজিৰঙাত ৰক্তদান শিৱিৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ অক্টোৱৰঃ কাজিৰঙাত বৰগছ ৰিজৰ্টৰ উদ্যোগত সম্পন্ন হয় এক ৰক্তদান শিবিৰ । আজি দিনৰ ভাগত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ৰ ডাঃ অনন্ত কুমাৰ বৰুৱাৰ লগতে চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ জিখাম ছেং শ্যাম, বিজু বৰা, মনোজ কুমাৰ চাহু, গৌতম শইকীয়া, হিমাংশু হাজৰিকা, প্ৰাঞ্জল পূজাৰীৰ তত্বাৱধানত বৰগছ ৰিজৰ্টৰ চৌহদত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত কাজিৰঙাৰ ৫০ জন লোকে ৰক্তদান কৰে । কাজিৰঙাৰ স্থানীয় ৰাইজ, কঁহৰা আৰক্ষীৰ লগতে বৰগছ ৰিজৰ্টৰ কৰ্মচাৰীয়েও ৰক্তদান কৰে । উক্ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াই বাগৰিৰ ৩ শিখ ৰেজিমেন্টৰ সেনা চাউনীৰ জোৱান সকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *