অমানৱীয় ঘটনা। মুকলি আকাশৰ তলত মাতৃ-দেৱশিশুৰ নিথৰ দেহ । বোকাখাতত উত্তপ্ত পৰিস্থিতি।

কাজিৰঙা লাইভ, বোকাখাত, ২১ অক্টোবৰ: এগৰাকী মহিলাৰ নিথৰ মৃতদেহ ,নৱজাতকসহ মুকলি আকাশৰ তলত ১২ ঘণ্টা পৰ্যন্ত শুৱাই থলে বোকাখাতৰ এখন গাঁৱত ৷ উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে বোকাখাতৰ মিছিং গাঁৱৰ ৰূপহী মিলি নামৰ এগৰাকী যুৱতীক বিয়া দিয়া হৈছিল ধেমাজীৰ জোনাই অঞ্চলৰ জয়ন্ত মিলি নামৰ এজন যুৱকলৈ ৷ ৰূপহীৰ পৰিয়ালৰ লোকে জনোৱা মতে, প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল কিন্তু দিন বাগৰাৰ লগে লগে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হব লগা হয় ৰূপহী মিলি নামৰ যুৱতী গৰাকী ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকৰ আক্ৰমণত ক্ৰমাৎ অসুস্থ হৈ পৰাত আৰু স্বামীৰ পৰিয়ালৰ লোকৰ পৰা কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা লাভ নকৰাত ৰূপহীক বোকাখাতস্থিত তেওঁৰ নিজা ঘৰলৈ লৈ আনে পিতৃ-মাতৃয়ে ৷ বিভিন্ন ঠাইত চিকিৎসা কৰি সুস্থ নোহোৱাত পৰৱতী সময়ত যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ লৈ যোৱা হয় ৷ জানিব পৰা মতে ৰূপহী মিলি সেই সময়তে ৬ মহীয়া গৰ্ভৱতী হৈ আছিল ৷ মৃত্যুক সাৱটি লোৱাৰ কিছুসময়ৰ পূৰ্ৱে ৰূপহীয়ে প্ৰসৱ কৰিছিল এটি সন্তান ৷ কিন্তু নিয়তিৰ লিখন খণ্ডাব কোনে । স্বামীৰ পৰিয়ালৰ লোকৰ পৰা অনাদৰ ,অৱহেলা আৰু শাৰীৰিক আক্ৰমণৰ বলি হোৱা ৰূপহী আৰু তেওঁৰ সন্তান দুয়োৰে মৃত্যু হয়। উল্লেখযোগ্য যে, ৰূপহীৰ মৃত্যু হোৱাৰ ঘটনাৰ সন্দৰ্ভত বাৰম্বাৰ স্বামীৰ ঘৰত ফোনযোগে জনোৱাৰ পাছটো স্বামীৰ পৰিয়ালৰ লোকসকলে এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্বই প্ৰদান কৰা নাছিল । ইয়াৰ পৰিবৰ্তে ৰূপহীৰ মাতৃৰ ঘৰৰ পৰা যোৱা ফোনবোৰৰ সংযোগ বিছিন্ন হে কৰি ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰে ৰূপহীৰ মাতৃৰ পৰিয়ালৰ লোকে ৷ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকলৈ বাট চাই দিনৰ দিনটো প্ৰায় ১২ ঘন্টা সময় অতি কৰুণতাৰে মুকলি আকাশৰ তলত ৰূপহীসহ দেৱশিশুটিৰ নিথৰ দেহ পৰি ৰ’ল চোতালতেই ৷ পৰবৰ্তী সময়ত স্বামীৰ গৃহৰ পৰিয়ালৰ লোক আহি উপস্থিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে‌ আৰু গাঁও বাসীৰ মধ্যস্থতাত স্বামীৰ পৰিয়ালে মৃতদেহ চমজি লবলৈ বাধ্য হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *