নুমলীগড় ব্যক্তিগত কৰণৰ বিৰুদ্ধে প্ৰতিবাদ আশী বছৰীয়া বৃদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ অক্টোবৰ: নুমলীগড়ত এগৰাকী আশী বছৰীয়া বৃদ্ধাৰ প্ৰতিবাদ। দল সংগঠনৰ সমান্তৰালকৈ নুমলীগড় শোধনাগাৰৰ সপক্ষে এইবাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল আইতাগৰাকী। নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ অধীন কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজিও নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰত পুৱাৰে পৰা নুমালীগড় শোধানাগাৰ ঠিকাদাৰ সন্থা, উপ ঠিকাদাৰ সন্থাই প্ৰতিবাদ কৰি থকাৰ মাজতে কুৰুৱাবাহী যুৱক সংঘ, কুৰুৱাবাহী মহিলা সমিতি আৰু তেজীমলা মহিলা সমিতিক নেতৃত্ব দি শোধনাগাৰৰ মুখ্য দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে এইগৰাকী আশীৰো উৰ্ধৰ আইতাই। ৮৫৫ জন শ্বহীদৰ আত্মত্যাগক সন্মান জনাই মোদী চৰকাৰক চূড়ান্ত ফাঁকিবাজ আখ্যা দি অসমৰ সৰ্বস্তৰৰ ৰাইজক অসমৰ জনসাধাৰণৰ আবেগ তথা স্বাভিমান জড়িত নুমলীগড় শোধনাগাৰক ৰক্ষা কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায় আইতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *