বোকাখাতত মইনা পাৰিজাতৰ বিজ্ঞান প্ৰকল্পৰ প্ৰতিযোগিতা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ অক্টোবৰঃ বোকাখাত জিলা মইনা পাৰিজাতৰ উদ্যোগত আজি বোকাখাত হিন্দী হাইস্কুলত বিজ্ঞান প্ৰকল্পৰ প্ৰতিযোগিতা । ৩০ টা শাখাৰ কণ কণ কণ শিশু সকলে অংশ লোৱা প্ৰতিযোগিতা মুকলি কৰে জে, ডি, এছ, জি মহাবিদ্যালয়ৰ প্ৰবক্তা শান্তি চায়া বৰুৱাই। বন্তি প্ৰজ্বলন কৰে চৈয়দ আনিচুৰ ৰহমানে। প্ৰতিযোগিতাত যুটীয়াকৈ প্ৰথম স্থান লাভ কৰে অমৃতা কাশ্যপ আৰু প্ৰাসংগিক মহন্ত। দ্বিতীয় স্থান লাভ কৰে নিৰিবিলি ভৰালী, তৃতীয় স্থান লাভ কৰে স্বাধীন বৰাই। মনোৰঞ্জন সেনৰ সভাপতিত্বত হোৱা সভা উদোদ্ধন কৰে কাজিৰঙা লাইভৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই। ডালিমী সন্দিকৈ গগৈয়ে আত ধৰা সভাত উপস্থিত থাকে পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈ, কবি নিজৰা বৰঠাকুৰ, বীৰেন গগৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *