বোকাখাত ডিফলু চাহ বাগিচাত অগ্নি পূজা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ অক্টোবৰ: উড়িয়া সমাজৰ এক পৰম্পৰাগত উৎসৱ ’অগ্নি পূজা’ বা ’অগ্নি দৰ্শন’ ৷ লক্ষী পূৰ্ণিমাৰ পাছত ষষ্ঠীৰ দিনা ৰাতি এই পূজা উড়িয়া সমাজৰ লোকে অতীজৰে পৰাই পালন কৰি আহিছে ৷ মূলতঃ এই পূজা ৰাতি আৰম্ভ কৰি পুৱতি নিশা অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগে আগে সমাপ্ত কৰা হয় ৷ নিশা পূজা আৰম্ভ হোৱাৰ পাছত উড়িয়া সম্প্ৰদায়ৰ নিদিষ্ট পুৰুষ আৰু মহিলা সকল হোজাই ( লোকবিশ্বাস মতে , শৰীৰত ঐশ্বৰিক শক্তিয়ে বিৰাজ কৰে) উঠি উপস্থিত ৰাইজক বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ তথা বিধান প্ৰদান কৰাৰ উপৰিও মনোকামনা সিদ্ধিৰ বাবে আৰ্শীবাদ দিয়ে ৷ অগ্নি পূজাৰ অন্তিম পৰ্ব হিচাপে এটা গাতত জুই জ্বলাই জুইৰ তপত অাঙঠাৰ মাজেৰে মনোকামনা সিদ্ধিৰ বাবে খোজ কঢ়াৰ পৰম্পৰা অনুসৰি প্ৰথমে হোজাই উঠা সকল আৰু পৰৱৰ্তী সময়ত বাঞ্চিত সকলে অাঙঠাৰ মাজেৰে খোজ কাঢ়ি পাৰ হয় ৷ বোকাখাতৰ ডিফলু চাহ বাগিচাৰ উড়িয়া সমাজৰ লোকসকলে বাগিচাখনৰ খেলপথাৰত ৰাজহুৱাভাৱে পৰম্পৰাগত এই অগ্নি পূজা অনুষ্ঠিত কৰে ৷ অগ্নি দৰ্শনত নিজৰ মনোকামনা সিদ্ধিৰ বাবে জুইৰ আঙঠাৰ মাজেৰে খোজ কাঢ়ি তেওঁলোকে নিজৰ নিজৰ মনোকামনা সিদ্ধি কৰে ৷ সম্পূৰ্ণ আধ্যাত্মিক ভাৱেৰে অনুষ্ঠিত কৰা পূজাভাগত অগণন লোকৰ সমাৱেশ হোৱা পৰিলক্ষিত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *