বিজেপিৰ বাবেহে অসমৰ পৰা পলাব বিচাৰিছে প্ৰতীক হাজেলাই- অখিল গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ অক্টোবৰ : এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক বদলিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে ৷ কাজিৰঙাত উপস্থিত হৈ গগৈয়ে কয় যে জীৱনৰ নিৰাপত্তা নাই বুলি প্ৰতীক হাজেলাই যি আৱেদন কৰিছিল সেইয়া এক নাটকীয় ঘটনা ৷ অসমত প্ৰতীক হাজেলাক কোনোবাই হত্যা কৰিব বা তেখেতৰ জীৱনৰ প্ৰতি ভাবুকি আছে বুলি কেতিয়াও নাভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ইয়াৰোপৰি তেখেতে কয় যে অসমৰ মানুহৰ পৰা প্ৰতীক হাজেলাৰ কোনো অপকাৰ নাই যদি আছে কেৱল চৰকাৰৰ পৰাহে আছে ৷ চৰকাৰে ব্যাপক ৰূপত প্ৰতীক হাজেলাক বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল ৷ বিজেপি আৰু আৰ এছ এছে তীব্ৰ বিৰোধিতা কৰিছিল প্ৰতীক হাজেলাক ৷ প্ৰতীক হাজেলাই নাটকীয় ধৰণে অসমৰ পৰা প্ৰত্যাবৰ্তন কৰা ঘটনাটো অসমৰ তথা তেখেতৰ নিজৰ ভৱিষ্যতৰ কাৰণেও ভাল কথা নহয় ৷ প্ৰতীক হাজেলাক সকলো হিছাপ-নিকাছ দাখিল কৰি, সকলো মীমাংসা কৰি অসম ত্যাগ কৰিবলৈ আহ্বান অখিল গগৈৰ ৷ লগতে তেখেতে কয় যে বিজেপিৰ বাবেহে প্ৰতীক হাজেলাই অসমৰ পৰা পলাব বিছাৰিছে ৷ বিজেপি চৰকাৰখনে ব্যাপক হেচা প্ৰয়োগ কৰি প্ৰতীক হাজেলাক তেওঁলোকে বিছৰা ধৰণে কামবোৰ কৰিব বিছাৰিছিলে ৷ বিজেপি চৰকাৰলৈ অখিল গগৈৰ সকিয়নি -যদিহে প্ৰতীক হাজেলাই এনেধৰণেই অসমৰ পৰা প্ৰত্যাবৰ্তন কৰে তেন্তে তাৰ কাৰণে জগৰীয়া হব কেৱল অসম চৰকাৰ তথা বিজেপি চৰকাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *