পৰম্পৰা ৰক্ষা কৰি কাজিৰঙাত কাতি বিহু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ অক্টোবৰ :
আজি কাতি বিহু ৷ সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিৱেশ ৷ ব্যতিক্ৰম নহয় কাজিৰঙাতো ৷ অসমীয়া জাতীয় জীৱনৰ অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত এতিয়া কাজিৰঙাবাসী ।চোতালৰ তুলসীজোপাৰ তলত চাকি-বন্তি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব প্ৰতিগৰাকী অসমীয়াই ।শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া–অশান্তি দূৰ হোৱাৰ কামনাৰে জ্বলোৱা হ’ব আকাশবন্তি ।কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। কৃষকৰ সপোনৰ খেতিডৰাত এতিয়া গেঁৰ ধৰিছে৷ এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু।

Leave a Reply

Your email address will not be published. Required fields are marked *