প্ৰকৃতিৰ বাবে উৎসৰ্গিত এক জীৱন,বন্যপ্ৰেমৰ জীৱন্ত নায়ক কাজিৰঙাৰ মনোজ গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ অক্টোবৰ :
প্ৰকৃতিৰ বাবে উৎসৰ্গিত এক জীৱন,প্ৰকৃতিৰ সেৱাতেই পাৰ কৰিছে প্ৰতিটো দিন ৷ জীৱজন্তুৰ পৰম বন্ধু মনোজ গগৈয়ে আঘাতপ্ৰাপ্ত,মাতৃহাৰা অৱস্থাত উদ্ধাৰ কৰি শুশ্ৰষা আগৱঢ়াই পুনৰ উদ্যানত মুকলি কৰি আহিছে বন্যপ্ৰাণীসমুহ ৷ যান্ত্ৰিকতাৰ পৰা আধুনিক প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই গৈছে বন্যপ্ৰেমৰ জীৱন্ত নায়ক মনোজ গগৈয়ে ৷ প্ৰকৃতি প্ৰেমৰ নিদৰ্শনেৰে ৰাষ্ট্ৰীয় -আন্ত:ৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা কাজিৰঙাৰ প্ৰকৃতি প্ৰেমী মনোজ গগৈয়ে শেহতীয়াকৈ ডেৰ মাহত কিং কব্ৰা, হক্সো, অজগৰ, চকৰি ফেটি, গ্ৰীণ কেট স্নেক আদিৰ দৰে মুঠ ২৭ টা প্ৰজাতিৰ প্ৰায় ৬৫ ডাল সাপক নতুন জীৱন দিছে ৷ খাদ্যৰ সন্ধানত হাবি বননিৰ পৰা ওলাই আহি মানুহৰ ঘৰ ,মাছ মাৰিবলৈ পতা জাল বা আন কোনো স্থানত আবদ্ধ হৈ সংকটত পৰা সাপ উদ্ধাৰ কৰি মুকলি কৰি দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ সাপ বা আন কোনো বন্য প্ৰাণীৰ উদ্ধাৰ কাৰ্য্যত দিনে নিশাই ব্যস্ত মনোজৰ বন্যপ্ৰাণী সংৰক্ষণৰ একাগ্ৰতাৰ ওপৰত নিৰ্মান কৰা “দ্য মেন হু স্পিকচ নেচাৰ”নামৰ ছুটি ছবি খনে হাংগেৰীত প্ৰদৰ্শিত হোৱাৰ পাছত আমন্ত্ৰিত হৈছে বিশ্বৰ ভিন্ন দেশলৈ ৷ হাংগেৰিত ছবিখনে বেষ্ট ফ্লিম এৱাৰ্ড লাভ কৰাৰ লগতে গুৱাহাটীত ব্ৰক্ষ্মপুত্ৰ ভেলি ফ্লিম ফেষ্টিভেলত দ্বিতীয় স্থান লাভ কৰি সমাদৰ লাভ কৰিছিল ছবিখনে ৷ উল্লেখ্য যে অহা ১৮ অক্টোবৰত বেলজিয়াম,৩১ অক্টোবৰত ফ্ৰাঞ্চ আৰু ডিচেম্বৰ মাহত ৩ তাৰিখে চীন দেশৰ মাকাওত প্ৰদৰ্শিত হব “দ্য মেন হু স্পিক্চ নেচাৰ” ৷

Leave a Reply

Your email address will not be published. Required fields are marked *