চামগুৰিত পথৰ দাঁতিত টাটা মেজিকত জুই

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৭ অক্টোবৰ: চামগুৰিৰ আমবাগানত এখন টাটা মেজিকত হঠাৎ জুইয়ে আৱৰি ধৰে ৷ আমবাগান বজাৰৰ সমিপত পথৰ দাঁতিত ৰৈ থকা বাহন খনত দাউ দাউকৈ জ্বলি উঠে জুই। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ৷ কথমপি ৰক্ষা পৰে সমীপৰ কেইবাখনো ব‍্যৱসায়িক প্ৰতিস্থান লগতে এটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *