হেডলাইনচ্ দেৰগাঁও’ৰ ব্যতিক্ৰমী অনুষ্ঠান

দেৰগাঁৱৰ ১০গৰাকী শ্ৰেষ্ঠ পূজা চেলফীলৈ বঁটা প্ৰদান ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ অক্টোবৰ : সাম্প্ৰতিক সময়ত “ৱেৱ মেডিয়া” সমুহে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে দেৰগাঁৱৰ পৰা আত্মপ্ৰকাশ হোৱা সংবাদ মাধ্যমৰ মজিয়াত এক নৱ সংযোজন ঘটে ৱেৱ পৰ্টেল “হেডলাইনচ্ দেৰগাঁও” ৷ “হেডলাইনচ্ দেৰগাঁও”য়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল এখনি পূজা ছেলফী প্ৰতিযোগিতা । দেৰগাঁৱৰ যুৱতী-মহিলা সকলক লৈ আয়োজন কৰা এই পূজা চেলফি প্ৰতিযোগিতালৈ ৫০০ শৰো অধিক চেলফি প্ৰতিযোগীয়ে প্ৰেৰণ কৰে নিজৰ নিজৰ চেলফী । এই প্ৰতিযোগিতাত লাকী ড্ৰ’ যোগে নিৰ্বাচন কৰা হৈছিল ১০ গৰাকী শ্ৰেষ্ঠ চেলফী প্ৰতিযোগীক ।এই সকল বিজয়ী শ্ৰেষ্ঠ যুৱতী-মহিলা সকলক বঁটা প্ৰদানৰ বাবে আয়োজন কৰা হ’ল আনুষ্ঠানিকভাৱে এখনি বঁটা প্ৰদান অনুষ্ঠান । দেৰগাওঁ সাহিত্য সভা ভৱনত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক, বোলছবি পৰিচালক নুৰুল চুলতানে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি,লেখিকা হেমা চৌধুৰী গগৈ, কাজিৰঙাৰ বিশিষ্ঠ সাংবাদিক, কবি তথা লেখিকা পলিমা বি চেতিয়া, দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ অধ্যাপিকা নন্দিতা হালৈ, বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ ভূঞা আৰু দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, দেৰগাওঁ সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা, বিশিষ্ট সাংস্কৃতিক কৰ্মী দেৱজিৎ লাহন, বিশিষ্ট শিক্ষাবিদ ভোলা হাজৰিকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে সংবাদ ক্ষেত্ৰৰে জড়িত কেইবাগৰাকীয়ো জেষ্ঠ সাংবাদিক উপস্থিত থাকে । সংগীত শিল্পী কুমিচ হাজৰিকাৰ নেতৃত্বত সংগীত আৰু অংকুৰিতা ফুকনৰ কবিতা পাঠেৰে অনুষ্ঠানটো অধিক প্ৰাণোময় কৰি তোলে। হেডলাইন্চ দেৰগাঁৱৰ জন্মদাতা দীপক শইকীয়া আৰু হেডলাইন্চ দেৰগাঁও চেনেলৰ বাতৰি বিভাগৰ সম্পাদক দেৱজিৎ নন্দনে আঁতধৰা অনুষ্ঠানটোত ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে । শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে আয়োজন কৰা পূজা চেলফী প্ৰতিযোগিতাৰ বাবে মণ্ডপে মণ্ডপে ছেলফী উঠালে যুৱতী- মহিলাই। সপ্তমী পূজাৰ পৰা হেডলাইনচ্ দেৰগাঁৱৰ ঠিকনাত আহিল ইখনৰ পিছত সিখনকৈ সুন্দৰী যুৱতী মহিলাৰ ছেলফী। দৰ্শকৰ বিপুল সহাঁৰিৰ পিছত হেডলাইনচ্ দেৰগাঁৱৰ তৰফৰ পৰা আয়োজন কৰা হ’ল আনুষ্ঠানিকভাৱে বঁটা বিতৰণী অনুষ্ঠান । ৫০০ শৰো অধিক চেলফী প্ৰতিযোগীৰ মাজৰ পৰা পূজা ছেলফী প্ৰতিযোগিতাৰ ১০ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক এই বঁটা বিতৰণী অনুষ্ঠানতেই বঁটা প্ৰদান কৰা হ’ল । প্ৰিয়াংকী বৰা,নেইনা বৰঠাকুৰ, মাচুমী বেগম, মুনমী বৰা, ৰিজু দাস, বনশ্ৰী মধুকৈল্যা, মিনা ৰাজবংশী , অনন্যা শ্ৰৱন সপ্তমী, জুলি চলিহা আৰু শতাব্দী প্ৰিয়া বৰালৈ আগবঢ়োৱা হ’ল শ্ৰেষ্ঠতাৰ খিতাপ । দেৰগাঁৱৰ সংবাদ ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি সকলোৰে আশা হৈ পৰিছে এই হেডলাইনচ্ দেৰগাওঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *