এন আৰ এল বিক্ৰীৰ বিৰোধিতা কৃষক নেতা অখিল গগৈৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ অক্টোবৰ: ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদৰ কেছা তেজৰ বিনিময়ত হৈছিল অসম চুক্তি ৷ অসম চুক্তিৰেই ফচল নুমলীগড় শোধনাগাৰ এতিয়া বহিৰাগতৰ হাতলৈ যোৱাৰ পথত । বৰ্তমানৰ চৰকাৰখনৰ দিনত এটা এটাকৈ ক্ৰমাৎ বিক্ৰী হৈ যোৱা বৃহৎ বৃহৎ ৰাজহুৱা সম্পত্তিৰ আওঁতাত এইবাৰ সোমাব নেকি নুমলীগড় তেল শোধনাগাৰো ? বহিৰাগত কোম্পানীৰ কুটিল হাতোৰাৰ মাজত নিঃচিহ্ন হৈ যাব নেকি অসমৰ শত শ্বহীদৰ তেজৰ মূল্য?অসমৰ জনগণৰ আবেগ-অনুভুতিক পণ্য কৰি বহিৰাগত কোম্পানীৰ অবাধ লুণ্ঠনৰ বলি হব লগা হব নেকি অসমৰ জনসাধাৰণ ? সম্প্ৰতি অতিশয় স্পৰ্শকাতৰ সমগ্ৰ অসমৰ আবেগ জড়িত এই প্ৰশ্নই কেৱল নুমলীগড়তেই নহয়, তোলপাৰ লগাইছে সমগ্ৰ অসমতেই । নুমলীগড় শোধনাগাৰৰ অন্যতম অংশীদাৰ ভাৰত পেট্ৰলিয়াম চমুকৈ BPCL ক কেন্দ্ৰীয় কেবিনেটে বিক্ৰীৰ সিদ্ধান্ত লোৱাৰ পিছতেই নুমলীগড় শোধনাগাৰলৈও নামি আহিছে ঘোৰ অমানিশাৰ বতৰা । কিয়নো নুমলীগড় শোধনাগাৰে যি সমূহ তৈলজাত সামগ্ৰী বাণিজ্য কৰে সেইয়া সম্পূৰ্ণৰূপে ভাৰত পেট্ৰলিয়ামৰ অধীনত কৰে। এনে ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে ভাৰত প্ৰেট্ৰলিয়ামক বিক্ৰীৰ সিদ্ধান্তই পোনপটীয়াকৈয়ে প্ৰভাৱ পেলাব নুমলীগড় তেল শোধনাগাৰৰ ওপৰত। অসমৰ স্বাধীনতা আন্দোলনত ৮৫৫ জনকৈ শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ কোনো এখন চৰকাৰেই আজিকোপতি সঠিক মূল্যায়ন কৰিব নোৱাৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ ত্যাগৰ ফচল নুমলীগড় শোধনাগাৰো এতিয়া ভাৰত পেট্ৰলিয়ামৰ লগতে বিক্ৰী হৈ যোৱাৰ সম্ভাৱনাই ক্ৰমান্বয়ে ষ্পষ্ট হৈ পৰিছে । কাৰণ নুমলীগড় তেল শোধনাগাৰত ভাৰত পেট্ৰলিয়ামৰ আছে ৬২ % অংশীদাৰিত্ব ৷ ৬২% কৈ অংশীদাৰিত্ব থকা এটা প্ৰতিষ্ঠান বিক্ৰী হৈ আঁতৰি যোৱাৰ পাছত নুমলীগড় শোধনাগাৰৰ পৰৱৰ্তী স্থিতি কিমান সৱল হব সেয়া সহজেই অনুমেয় ৷ সম্প্ৰতি চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমতে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে অসমত ছবছৰীয়া আন্দোলনৰ ফলত তথা ৮৫৫ জন শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত গঠিত হোৱা এক জাতীয় ঔদ্যোগিক প্ৰতিষ্ঠান “নুমলীগড় শোধনাগাৰ প্ৰকল্প” ৷ এই প্ৰতিষ্ঠান অসমৰ প্ৰতিজন ব্যক্তিৰে স্মৃতি বিজড়িত এক প্ৰতিষ্ঠান ৷ লক্ষণীয় ভাৱে ভাৰত চৰকাৰে ৰাজহুৱা কিছু স্বাৰ্থত নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ প্ৰধান অংশীদাৰী “ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড”ক অন্য কৰ্পৰেট গোষ্ঠীক বিক্ৰী কৰি আওঁপকীয়াকৈ নুমলীগড় শোধনাগাৰ প্ৰকল্প ব্যক্তিগত খণ্ডক দিয়াৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক লৈ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে সমগ্ৰ অসমীয়া জাতিটোক বিশ্বাসঘাতকতা কৰি আহিছে ৷ এফালে ধৰ্মীয় উন্মাদনা বিয়পাই দিছে, এফালে ভূৱা দেশপ্ৰেম প্ৰচাৰ কৰিছে আনফালে সমগ্ৰ দেশৰ সম্পদ এফালৰ পৰা বিক্ৰী কৰিছে ৷ অসমীয়া জাতিৰ সংগ্ৰামৰ ফলস্বৰূপে অহা নুমলীগড় তেল শোধনাগাৰটো বিক্ৰীৰ বাবে আগবাঢ়ি গৈছে ৷ নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ, ব্যক্তিগতকৰণ কৰিবলৈ কেতিয়াও দিয়া নহব বুলি মত প্ৰকাশ কৃষক নেতা অখিল গগৈৰ ৷ অসমৰ তৈল সম্পদ, এন আৰ এল, বি পি চি এল কোনো কাৰণতে ব্যক্তিগত খণ্ডক দিবলৈ দিয়া নহব ৷ কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্তৰ পৰা আতৰি আহিবলৈ আহ্বান নেতাগৰাকীৰ ৷ এন আৰ এলক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিছাবে থাকিবলৈ দিয়াৰ দাৱী জনোৱাৰ লগতে যদিহে ৰাইজৰ মতৰ বিৰোধে চৰকাৰে স্থিতি লয় তেন্তে যিকোনো মুহুত্বতে সংগ্ৰাম তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ অখিল গগৈৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *