উত্তৰ পূৱৰ ৰেলৱে নিযুক্তিত থলুৱাক বঞ্চনা। সৰৱ অখিল গগৈ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ অক্টোবৰ: উত্তৰ পূৱৰ ৰেলৱেত সুকীয়া নীতি-পদ সংৰক্ষণৰ বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হোৱাৰ পাছত থলুৱাক বঞ্চনাৰ বিপৰীতে ৮৯৯ জন বহিৰাগতক গোপনে নিযুক্তি দিছে ৰেল বিভাগে ৷ চতুৰ্থবৰ্গৰ পদত উত্তৰ পূৱ সীমান্ত ৰেলৱেই প্ৰদান কৰা নিযুক্তি পত্ৰ লৈ নিশা লামডিং সংমণ্ডল কাৰ্যালয়ৰ লগতে ডিমা হাচাও আৰু তিনিচুকীয়া সংমণ্ডল কাৰ্যালয়ত উপস্থিত বিহাৰ, উত্তৰ প্ৰদেশ,ৰাজস্থান আৰু হাৰিয়ানাৰ শ শ প্ৰাৰ্থী ৷ইয়াৰ বিপৰীতে চাকৰি নহল এজনো থলুৱা নিবনুৱাৰ ৷লাখ লাখ যোগ্য থলুৱা প্ৰাৰ্থীক প্ৰবঞ্চনা কৰি বহিৰাজ্যৰ যুৱক -যুৱতীক ষড়যন্ত্ৰমূলক ভাৱে নিযুক্তি দিবলৈ ওলাইছে জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে ৷ উল্লেখ্য যে ৰাজেন গোহাই কেন্দ্ৰীয় ৰেল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী থকাৰ সময়ত কৈছিল যে ৰেল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমুহত স্থানীয় প্ৰাৰ্থীৰ নিযুক্তিৰ ব্যৱস্থা লোৱা হব ৷কিন্তু এই বিষয়ে কৰা ঘোষণা কোনো কাৰ্য্যকৰী নহল ৷ ফলত স্থানীয় যোগ্য শ শ প্ৰাৰ্থীক প্ৰবঞ্চনা কৰি অব্যাহত থাকিল বাহিৰৰ প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া ৷ ২০১৮ চনৰ ২ফেব্ৰুৱাৰীত দিয়া বিজ্ঞাপনৰ পাছতে বহুতো থলুৱা যুৱক যুৱতীয়ে বহু টকা ব্যয় সাপেক্ষে অনলাইন কৰিছিল ৷ ইয়াৰ পাছতে ষড়যন্ত্ৰ মূলক ভাৱে সকলো পদেই বহিৰাগতক দি দিয়া হল ৷সকলো সুবিধাৰ পৰাই বঞ্চিত থলুৱা হৈ আহিছে অসমীয়া যুৱক-যুৱতী ৷ৰেল বিভাগৰ এনে কাৰ্য্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ এই সমগ্ৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ কাজিৰঙাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে লামডিংৰ লগতে অসমৰ বিভিন্ন ৰেল সংমণ্ডল কাৰ্যালয়ত উত্তৰ পূৱ ৰেলৱেত যি ধৰণে বহিৰাগতক নিযুক্তি দিছে এই কথা কেতিয়াও মানি লোৱা নহব ৷এই নিযুক্তি বাতিল হোৱাৰ লগতে বহিৰাগত প্ৰাৰ্থীসকল অসমৰ পৰা ঘূৰি যাব লাগিব ৷ অসমীয়া থলুৱা যুৱক -যুৱতীক যদিহে নিযুক্তি নিদিয়ে তেন্তে এই নিযুক্তিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতে কামে আগবাঢ়ি যাৱ ৷ বিজেপি চৰকাৰে জাতি-মাটি-ভেটিৰ কথা কৈ খিলঞ্জীয়া অসমৰ থলুৱা নিবনুৱা সকলক বিশ্বাসঘাতকতা কৰি,ৰামঠগন দি বহিৰাগতক যি ধৰণে ৰঙা দলিছা পাৰি দিছে এই নিযুক্তি বাতিল কৰিবলৈ সকিয়নি কৃষক নেতা অখিল গগৈৰ ৷ লগতে তেখেতে কয় যে পূৰ্বৰ ৰেল মন্ত্ৰী ৰাজেন গোহাইয়ে স্পষ্ট ভাষাত কৈছিল যে উত্তৰ পূৱ ৰেলৱেত উলোৱা পদসমুহ অসমৰ থলুৱা খিলঞ্জীয়া নিবনুৱাসকলৰ বাবে সংৰক্ষণ কৰিব ৷ এই কথাক আওকাণ কৰি অসমীয়া মানুহক ৰামঠগন দি বহিৰাগতক নিযুক্তি দিয়াৰ এই প্ৰচেষ্টাক কোনো কাৰণতে মানি লোৱা নহব ৷ অতি সোনকালে বহিৰাগতক দিয়া নিযুক্তি বাতিল কৰি অসমৰ থলুৱা নিবনুৱাক নিযুক্তি দিবৰ বাবে দাৱী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *