কাজিৰঙাত আঢ়ৈ শতাধিক অস্থায়ী বনকৰ্মীৰ বিননী। কেতিয়া হব স্থায়ীকৰণ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ অক্টোবৰ: অনিশ্চিত ভৱিষ্যতৰ আশংকাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ২৫০ জনৰো অধিক অস্থায়ী বনকৰ্মী ৷ বছৰৰ পাছত বছৰ ধৰি কাজিৰঙাৰ সুৰক্ষাৰ বাবে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে এই সকল অস্থায়ী বনকৰ্মীয়ে ৷ কিন্ত পদ খালী থকা স্বত্বেও অস্থায়ী বনকৰ্মী সকলক স্বায়ী ভাৱে মকৰলৰ ব্যৱস্থা নকৰি মাহেকত মাত্ৰ ন হাজাৰ টকাৰ দৰমহাৰ বিনিময়ত দিনে নিশাই কাজিৰঙাৰ সুৰক্ষাৰ কৰ্তব্যত নিয়োজিত কৰি কেৱল আস্থাহে দি আহিছে পূৰ্বৰ লগতে শাসনাধিষ্ঠিত চৰকাৰে ৷ চাকৰি স্থায়ী হোৱাৰ আশা বুকুত বান্ধিএই সকল বনকৰ্মীয়ে বিভাগীয় হাতীৰ মাহুত বা ঘাচী , যানবাহনৰ চালক, নাৱৰীয়া আদি কাম কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশত কাম কৰি আহিছে ৷ ইযাৰ মাজতে কৰ্তব্যৰত অৱস্থাত বহুকেইজন অস্থায়ী বনকৰ্মী বন্যপ্ৰাণীৰ আক্ৰমনত আহত -নিহতও হৈছে ৷ এনে ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ পৰা বিজেপি চৰকাৰলৈকে অস্থায়ী বনকৰ্মী সকলে বহু আবেদন নিবেদন কৰিও পোৱা নাই কোনো সুফল ৷ স্থায়ী কৰণৰ প্ৰক্ৰিযা চলি আছে বুলিয়েই দাই সাৰি আহিছে প্ৰতিখন চৰকাৰে ৷ সেই মতেই আশাত বন্দী হৈ অস্থায়ী বনকৰ্মী সকলে পালন কৰি আহিছে নিজৰ কৰ্তব্য ৷ জানোচা কেতিয়াবা ভাল খবৰ আহেই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *