নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম পুনৰ আৰম্ভ । তেজ দি হলেও বন্ধ কৰা হব প্ৰকল্পৰ কাম-অখিল গগৈ

প্ৰতিৰোধী সংগ্ৰামৰ মুখামুখী হবলৈ সাজু হওঁক এন এইচ পি চি-অখিল গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ অক্টোবৰ: গেৰুকামুখত এন এইচ পি চিৰ কাৰ্য্যবাহী সঞ্চালকৰ ঘোষণা যে অতি সোনকালে নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য্য পুনৰ আৰম্ভ হব ৷অসমবাসীৰ আশংকা- উৎকণ্ঠা, দল সংগঠনৰ প্ৰতিবাদ-প্ৰতিক্ৰিয়াৰ মাজতে সুদীৰ্ঘ ৮ বছৰৰ বিৰতিৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হল বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য ৷ এই সন্দৰ্ভত সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ তেখেতে কয় যে মঙলবাৰে এন এইচ পি চিয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভণি কৰাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত কোনোপধ্যে মানি লৱ নোৱাৰি ৷অসমৰ কোনো মানুহে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প পুনৰ আৰম্ভনি হোৱাতো নিবিছাৰে ৷ অতি সোনকালে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মানৰ কাম বন্ধ হওক অন্যথা অসমৰ ৰাইজে প্ৰতিবাদ,প্ৰতিৰোধ,জোৰ কৰি এই প্ৰকল্প বন্ধ কৰিবলৈ বাধ্য হব ৷ ২০১১ চনৰ ১৬ ডিচেম্বৰ তাৰিখৰ পৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিয়াৰ মুখ্য কাৰণ আছিল এই প্ৰকল্প টো ভূমিকম্প প্ৰবল এলেকাত স্থাপন কৰিব খোজা হৈছে,যিকোনো মুহুৰ্ত্বতে ভাঙি পৰাৰ আশংকা আছে বুলি বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন দাখিল কৰি থৈছে ৷ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পাছতো নামনি সোৱনশিৰি প্ৰকল্পটো খহি নপৰিবৰ বাবে আজিলৈকে কোনো ব্যৱস্থা নোলোৱাৰ বিপৰীতে আভূৱা ভাৰি পুনৰ একে আৰ্হিতে নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ উলাইছে বাবেই অসমৰ ৰাইজে এই প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধীতা কৰিছে বুলি মত প্ৰকাশ কৃষক নেতাগৰাকীৰ ৷ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সংস্থা এন এইচ পি চিক অসমীয়া জাতিৰ আৱেগ, অনুভূতি, ভৱিষ্যতৰ নিৰাপত্তাক লৈ খেলা নকৰিবৰ বাবে সকীয়নী কৃষক নেতা অখিল গগৈৰ ৷২০১৪ চনৰ ডিচেম্বৰ মাহৰ পৰা সেই সময়ৰ ক্ৰিয়া মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত সিদ্ধান্ত লোৱা হৈছিলে যে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিশেষজ্ঞ সমিতি গঠন কৰা হব আৰু সেই সমিতিৰ প্ৰতিবেদনৰ ভিত্তিক অসমৰ সকলো দল সংগঠনৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হব ৷কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ ,দল সংগঠন আৰু অসমৰ ৰাইজৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আছিল সেই সময়ত ৷এতিয়া মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰক , ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক আৰু নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম সম্পুৰ্ন বন্ধ কৰি দিয়ক ৷ সেই বৈঠক অনুষ্ঠিত নকৰাকৈ, অসমবাসী ৰাইজ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থায়িত্ব সম্পৰ্কে,নিৰাপত্তা সম্পৰ্কে নিশ্চিন্ত নোহোৱা পৰ্যন্ত যদিহে এই প্ৰকল্পৰ কাম পুনৰ আগবাঢ়ে তেন্তে তেজ দি হলেও অসমবাসীয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ বাধ্য হব ৷ ৰঙানদী প্ৰকল্পই যি দৰে লক্ষিমপুৰ ধেমাজিবাসীক শেষ কৰি পেলাইছে,কপিলী প্ৰকল্পৰ বাবে হোৱা দুৰ্যোগৰ ফলত ৰাতিটোৰ ভিতৰতে চাৰিজন অভিযন্তাক উতোৱাই লৈ যোৱা হ’ল , দৈয়াং প্ৰকল্পৰ লগতে সৰু সৰু পুতলা প্ৰকল্প বোৰে কেনেকৈ অসমীয়া জাতিক ধ্বংসৰ গৰাহলৈ থেলি দিছে সেইয়া সকলোৱে দেখিছে ৷ইয়াৰ পাছতো দুহেজাৰ মেগাৱাটৰ প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি যোৱাটো অসমৰ ৰাইজে কেতিয়াও মানি লৱ নোৱাৰে ৷নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা অসম লাভাম্বিত নহয় কিন্তু অৰুণাচল প্ৰদেশে ১২.৫ শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব আৰু অসমে কেৱল মাত্ৰ ২৫ মেগাৱট বিদ্যুৎ হে বিনামূলীয়াকৈ লাভ কৰিব ৷ পাছশ মেগাৱটৰ বিদ্যুৎ ক্ৰয় কৰিব পাৰিব বুলি কোৱা হৈছে সেই বিদ্যুত এতিয়া বজাৰ দামতকৈ অধিক দামতহে ক্ৰয় কৰিব পাৰিব ৷ নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ ফলত অসমৰ মানুহৰ কোনো উপকাৰ নহয় ৷এই প্ৰকল্পই লক্ষিমপুৰ, মাজুলী , ধেমাজিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ মাতি আনিছে ৷ সমগ্ৰ অসমবাসীৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ এই প্ৰকল্প নিৰ্মাণ হলে যিকোনো মুহুৰ্ত্বতে অসম ধ্বংস হব পাৰে ৷ জলবোমা বিস্ফোৰণৰ ফলত শেষ হৈ যাব পাৰে অসমীয়া জাতি ৷ এনে স্থলত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ ৰাইজৰ মতৰ বিপৰীতে গৈ জোৰ কৰি যিদৰে পুনৰ নিৰ্মাণ কৰিব খোজা হৈছে সেইয়া কোনোপধ্যে মানি লোৱা নহব বুলি হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ যদিহে ইয়াৰ পাছত পুনৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হব তেন্তে জনজাগৰণ সৃষ্টি হব অসমত, জনজাগৰণৰ ৰুদ্ৰমূৰ্তি বাবে দায়ী হব অসম চৰকাৰ,ভাৰত চৰকাৰ ৷এন এইচ পি চিয়ে সংগঠনসমুহৰ মাজত বিভাজন আনিবলৈ লৈ কিছুমান সংগঠনৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদহে কৰিছে বুলি যি অভিযোগ আনিছে এই কথা মানি লোৱা নহব ৷ যদিহে কোনোবাই প্ৰতীকী প্ৰতিবাদ কৰিছিলে তেন্তে বান্ধৰ নিৰ্মাণ পুনৰ আৰম্ভ হোৱাৰ পাছত প্ৰতীকী প্ৰতিবাদ নকৰি সমগ্ৰ জাতীয় দল সংগঠন ঐক্যবদ্ধ হৈ ২০১১ চনলৈ উভতি যোৱাৰ কথা ঘোষণা কৰি কয় যে এন এইচ পি চিয়ে যদি ভাবিছে অসমীয়া জাতিৰ সংগ্ৰাম দুৰ্বল হৈছে তেন্তে তেও মুৰ্খৰ গৃহত বসবাস কৰিছে ৷ অসমীয়া জাতিয়ে পুনৰ সংগ্ৰাম আৰম্ভ কৰিব ৷ যিকোনো মূহূত্বতে এন এইচ পি চিৰ কাম বন্ধ কৰি দিয়া হব আৰু এন এইচ পি চিক অসমত নিষিদ্ধ ঘোষণা কৰিব ৷ ইয়াৰ আগতেই তেওলোকে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰি দিয়ক ৷ অসমৰ জাতীয় দল সংগঠন,ৰাইজৰ লগত আলোচনাৰ দুৱাৰ মুকলি কৰক৷ সৰ্বসন্মত সিদ্ধান্ত নোহোৱা পৰ্যন্ত সকলো কাম হয় বন্ধ কৰা হওক নহলে যিকোনো ধৰণৰ প্ৰতিৰোধী সংগ্ৰামৰ মুখামুখী হবৰ বাবে এন এইচ পি চি সাজু থাকক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *