কলিয়াবৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ বাবে মহকুমা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৬ অক্টোবৰ: ঐতিহাসিক বহু সমলৰে সমৃদ্ধ নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমা। বুৰঞ্জী প্ৰসিদ্ধ এই সমল সমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে শেহতীয়াকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ । উল্লেখ্য যে, কলিয়াবৰৰ বুকুত আছে মধ্যযুগৰ অসমীয়াৰ কৃৰ্তীচীহ্ন চামধৰা গড় , শিলঘাটত আছে খাৰ বাৰুদৰ ঘৰ কাষতে আছে অসমৰ দ্বিতীয় শক্তি পীঠ কামাখ্যা দেৱালয় , মিছাৰ প’ল ক্লাৱ , স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনতে নিৰ্মাণ হোৱা হাতীমুৰা দূৰ্গা মন্দিৰ আৰু আছে বুৰঞ্জী প্ৰসিদ্ধ অনেক সমল । ইমান বোৰ ৰজা দিনীয়া, ব্ৰিটিছৰ দিনৰ আৰু বুৰঞ্জী প্ৰসিদ্ধ সমল থকাৰ স্বত্বেও পৰ্যটকক আকৰ্ষন কৰিব পৰাকৈ সুব্যৱস্থাৰ অভাৱ ৷ যিহেতু কলিয়াবৰৰ গাতে লাগি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ গতিকে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক যাতে কলিয়াবৰৰ ঐতিহাসিক স্থান সমূহলৈও আকৰ্ষিত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ । মহকুমাধিপতি বিতোপন নেওঁগৰ উদ্যোগত কলিয়াবৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে পৰিকল্পনা কৰিছে এক অভিলাশী আঁচনিৰ। কলিয়াবৰ স্থানীয় ৰাইজ, দল-সংগঠনৰ সৈতে আলোচনা কৰাৰ উপৰিও কাজিৰঙা জীপ চাফাৰী সন্থা , বিভিন্ন অনুস্থান প্ৰতিস্থানৰ সৈতেও কলিয়াবৰ মহাবিদ্যালয়ৰ সহযোগত কলিয়াবৰক কি দৰে পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবসিত কৰিব পাৰি তাৰ ওপৰত কলিয়াবৰ মহাবিদ্যালয়ত মহকুমা প্ৰশাসনে অনুস্থিত কৰে এক সজাগতা সভা ৷ এই সভাত পৰ্যটন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তি তথা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড° সুনীল কুমাৰ শইকীয়াৰ লগতে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি কলিয়াবৰ খনক পৰ্যটনৰ স্থল হিচাপে গঢ়ি তোলাৰ দিহা পৰামৰ্শ আগবঢ়াই । সভাৰ অন্তত মহকুমাধিপতি বিতোপন নেওগ ৰ সৈতে সভাত উপস্থিত অনুস্থান প্ৰতিস্থানৰ ব্যক্তি সকলে জীপত উঠি কলিয়াবৰৰ বুৰঞ্জী প্ৰসিদ্ধ স্থান সমূহৰ লগতে ৰজা মহাৰজা দিনৰ আৰু ব্ৰিটিছৰ দিনৰ কৃতিচীহ্ন সমূহ পৰিদৰ্শন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *