কাজিৰঙাত ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াক বিদায় সম্বৰ্ধনা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ অক্টোবৰ: কাজিৰঙাত পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া(ভাৰতীয় বন সেৱা)ক বিদায় সম্বৰ্ধনা ৷ আদৰণি নৱ নিযুক্ত পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈক ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা বছৰ পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী হিচাবে সেৱা আগবঢ়োৱাৰ পাছত চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীলৈ বদলি হয় ৰোহিনী বল্লভ শইকীয়া ৷ শইকীয়াৰ স্থানত চৰকাৰে নিযুক্তি দিছে জ্যেষ্ঠ বনবিষয়া ৰমেশ গগৈক ৷ আজি কাজিৰঙাৰ কহঁৰাস্থিত বন বিভাগৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত বিদায়ী পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত প্ৰাধিকাৰী ৰমেশ গগৈক আদৰণি জনোৱা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সন্দৰ্ভত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুুমাৰ, নগাঁও বনসংমণ্ডলৰ ডি এফ অ’, শোণিতপুৰ বনসংমণ্ডলৰ ডি এফ অ’, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰ বনসংমণ্ডলৰ ডি এফ অ’ মুকুট দাস , ৰোহিনী বল্লভ শইকীয়াৰ সহধৰ্মিনী ভাৰতীয় বন সেৱাৰ বিষয়া ডিম্পী বৰাৰ লগতে বনাঞ্চলিক বিষয়া আৰু কৰ্মচাৰী ৷ অনুষ্ঠানত বিদায়ী বন বিষয়া গৰাকীৰ লগতে নৱনিযুক্ত বন বিষয়া গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে বন বিভাগৰ বিষযা কৰ্মচাৰী সকলে ৷ আনহাতে অনুষ্ঠানত ‘কাজিৰঙা লাইভ’ৰ তৰফৰ পৰা ৰোহিনী বল্লভ শইকীয়াক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে ৰমেশ গগৈক সম্বৰ্ধনা জনোৱা হয় ৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কাজিৰঙা প্ৰেছ ক্লাৱ, বোকাখাত প্ৰেছ ক্লাৱ ,ইমজা বোকাখাত, আৰণ্যক, ডব্লিউ ডব্লিউ এফ, বোকাখাত জীপ ছাফাৰী সংস্থা কে আদি কৰি বহু সংখ্যক অনুষ্ঠানে দুয়ো গৰাকী বিষয়াক সম্বৰ্ধনা জনাই ৷ অনুষ্ঠানত বক্তা সকলে বক্তব্যৰ মাজেৰে বিদায়ী বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই তেখেতৰ কাৰ্য কালত সফল ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰতি সেৱা আগবঢ়াই বুলি মন্তব্য মন্তব্য কৰি শলাগ জনাই ৷ প্ৰনিধান যোগ্য যে নৱ নিযুক্ত পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈ পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনাঞ্চলিক বিষয়া হিচাবে কৰ্মৰত আছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *