উদুলি-মুদুলি কাজিৰঙাৰ গধুলি,অৰ্কিড উদ্যানত পৰ্যটকৰ ভিৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ,১৫ অক্টোবৰ :
উদুলি মুদুলি কাজিৰঙাৰ গধুলি ৷ সোমবাৰে নিশাৰে পৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আৰম্ভ হল “এনজয়” শীৰ্ষক সাংস্কৃতিক সন্ধিয়া ৷ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ লগতে সত্ৰীয়া সংস্কৃতিৰো বহু সম্ভাৰ পৰিৱেশন কৰাই কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যেৰে বড়ো, কাৰ্বি,মিছিং,তিৱা আদিকে ধৰি বহু হেৰাই যোৱা নৃত্যৰ সৈতে প্ৰায় ১৬ বিধ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হব প্ৰতি সন্ধিয়া ৬ ৩০ বজাত ৷ কাজিৰঙালৈ অহা প্ৰতিজন পৰ্যটকক উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ১৬ টা জনগোষ্ঠীয় নৃত্যৰ বিষয়ে চমু আভাষ দিয়াৰ লগতে পৰ্যটকক যথেষ্ট আমোদ দিব “এনজয়” শীৰ্ষক অনুষ্ঠানটোৱে ৷সাংস্কৃতিক সন্ধিয়া মুকলি অনুষ্ঠানত কাজিৰঙালৈ অহা পৰ্যটককে ধৰি প্ৰায় পাচঁ শতাধিক দৰ্শকে অনুষ্ঠান উপভোগ কৰে ৷ উল্লেখ্য যে পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পাছৰে পৰা উদ্যানখনত পৰ্যটকৰ লানি নিছিঙা শাৰী ৷ নানা প্ৰজাতিৰ ফুলেৰে জাতিস্কাৰ হৈ উঠা উদ্যানখনত উত্তৰ পূৰ্বাঞ্চলৰ ৫৪ বিধ প্ৰজাতিৰ বাহঁ উদ্যান,জনগোষ্ঠীয় সংগ্ৰহালয়,নাৰ্ছাৰীৰ লগতে থকা পৰ্যটকৰ বহুকেইটা আকৰ্ষণৰ কেন্দ্ৰবিন্দুক সজাই পৰাই তুলিছে উদ্যানৰ কৰ্মচাৰীসকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *