বোকাখাতত অসম গণ পৰিষদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কাজিৰঙা লাইভ, বোকাখাত,১৫ অক্টোবৰ : অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাততো অসম গণ পৰিষদৰ দলীয় কৰ্মীসকলে উদযাপন কৰে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ দিনজোৰা কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে বোকাখাত জিলা পৰিষদৰ অসম গণ পৰিষদ দলৰ সভাপতি জগত কলিতাই ৷ তাৰ পাছতেই স্মৃতি তৰ্পণকে ধৰি একাদিক্ৰমে বিভিন্ন কাৰ্য্যসুচী ৰূপায়ণ কৰা হয় ৷ অসম গণ পৰিষদ দলৰ বোকাখাত জিলা পৰিষদৰ সভাপতি জগত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে বোকাখাত জিলা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি অতুল শইকীয়া,অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰ শৰ্মা, কেন্দ্ৰীয় কৃষক পৰিষদৰ উপ সভাপতি ফটিক বৰা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা,যতিন নাথৰ লগতে পৌৰপতি চিত্ৰা কাৰদং,বোকাখাত জিলা পৰিষদৰ দলীয় সম্পাদক উৎপল বৰদলৈ আৰু বোকাখাত জিলা মহিলা পৰিষদৰ সভানেত্ৰী নিজৰা দত্ত ৷ বোকাখাতত অনুষ্ঠিত কৰা অসম গণ পৰিষদ দলৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত জিলাখনৰ ভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা অগণন দলীয় কৰ্মী তথা সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিয়ে আজিৰ অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ সমান্তৰালভাৱে অসমৰ আঞ্চলিকতাবাদী দলটোৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস আজিও বাহাল থকাৰ কথাই প্ৰমাণিত কৰে ৷ আজিৰ গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱসৰ এই সভাতেই বোকাখাত নিৰ্মাণ গোটৰ পৰা বিজয়ী হোৱা প্ৰাক্তন ITDP বৰ্ডৰ চেয়াৰমেন অমল দাৱে আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *