মৃত্যুদূতত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

বোকাখাতত পুনৰ সংঘটিত আন এক ভয়ংকৰ পথ দূৰ্ঘটনা

কাজিৰঙা লাইভ, বোকাখাত, ১৫ অক্টোবৰ : ক্ৰমাৎ মৃত্যুদূতৰ ৰূপ লৈছে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটিয়ে ৷ এটাৰ পাছত এটাকৈ সংঘটিত পথ দুৰ্ঘটনাই কঢ়িয়াই আনিছে বোকাখাত বাসীলৈ এক অশনি সংকেত ৷ ক্ৰমাগতভাৱে সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাই কঁপাই তুলিছে বোকাখাতৰ ৰাজপথ।যোৱা দুটাকৈ দিনত বোকাখাতত সংঘটিত হোবা তিনিটাকৈ ভয়ংকৰ পথ দূৰ্ঘটনাত কৰুণভাৱে অকাল মৃত্যুক সাৱটি লব লগা হৈছে দুজনকৈ ব্যক্তিয়ে । পথ দুৰ্ঘটনাৰ এই ভয়ংকৰ সন্ত্ৰাস বোকাখাতবাসীৰ মনৰ পৰা মাৰ নৌযাওঁতেই আজি বোকাখাতৰ লতাবাৰীত পুনৰ সংঘটিত হল আন এক পথ দূৰ্ঘটনা। AS 12D 0402 নম্বৰৰ TATA DI আৰু এখন নতুন পালচাৰ মটৰ চাইকেলৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত অতি গুৰুতৰ আহত হৈছে বোকাখাত ম’হমাইকী গাঁৱৰ সুনীল গুপ্তা নামৰ এজন ব্যক্তি। ভয়ংকৰ পথ দুৰ্ঘটনাটিত গুৰুতৰ ভাৱে আহত হোৱা এই ব্যক্তিজনৰ এখন ভৰি সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰে ৷আহত ব্যক্তি জনক জৰুৰীকালীন উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ।উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা TATA DI বাহনখন ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে বোকাখাত আৰক্ষী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *