মহুৰামুখৰ গৰৈমাৰীত কবিতা পুথি উন্মোচন

নিউজ ডেস্ক ,কাজিৰঙা লাইভ, ১৪ অক্টোবৰ:
গোলাঘাট জিলাৰ পূব বোকাখাত নৈপৰীয়া শাখা কবি সন্মিলনৰ দ্বাৰা অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু সাংবাদিক শ্ৰীযুত চন্দ্ৰকান্ত দাস দেৱৰ কাব্যগ্ৰন্থ “প্ৰতিমা মোৰ প্ৰিয়তমা” তেওঁৰ পত্নীৰ প্ৰথম মৃত্যু বাৰ্ষিকত উন্মোচন কৰা হয় ৷ লগতে অনুষ্ঠিত শাৰদীয় কবিতা পাঠ অনুষ্ঠান এটিও হৈ যায় ৷ সভাৰ সঞ্চালনা কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি শ্ৰীযুত নৰেন শইকীয়াই আৰু উদ্ধোধনী ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি ৰাজুমণি বেজবৰুৱাই ৷ সভাত অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰি, অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ শইকীয়া, দুলাল বৰাই ৷ অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় শিক্ষাবিদ, আদৰ্শবান খেতিয়ক, সাংবাদিক আৰু সৰল মনৰ মানুহ চন্দ্ৰকান্ত দাসৰ প্ৰয়াত পত্নীৰ নামত উছৰ্গা কৰা গ্ৰন্থখনিৰ কবিতাকেইটা যথেষ্ট সুখপাঠ্য আৰু হৃদয় পৰশা ৷ সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা নৈপৰীয়া কবি সন্মিলনৰ সম্পাদক গুণধৰ বৰা আৰু দীপ হেষ্টিংচ বড়িক একোখনিকৈ “কীৰ্ত্তন”ৰে আদৰণি জনাই সভাপতি হেমেন হাজৰিকাই ৷ অনুষ্ঠানত কবিতা পাঠ কৰে বিশিষ্ট কবি শৰৎ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক-কবি ভৱানন্দ কলিতা, মণিমালা দত্ত, হাজৰিকা, জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদকদ্বয় মনালিছা শইকীয়া-পৱন কামান, প্ৰচাৰ সম্পাদক ৰিণ্টু দুৱৰা, অধ্যাপক ড° দূৰ্লভ বৰি, লুইতপৰীয়া কবি সন্মিলনৰ সভাপতি জয়ন্ত মাধৱ মৰাং, সম্পাদক বলোৰাম কামান, দিব্য কুমাৰ বৰি, দেৱজিৎ বিলু, নাৰায়ণ দাস, নিপন লইং, মনোজ কৰ্মকাৰ, নৃপেন ডেকা, অঞ্জুমণি বৰা দত্ত, চুমি ভৰালী হাজৰিকা, পংকজ কালিন্দী আদি প্ৰায় ডেৰকুৰি কবিয়ে ৷ সভাত আহিনৰ বতৰা কঢ়িওৱা গীতেৰে সকলোকে মুগ্ধ কৰে ৰাজীৱ হাজৰিকা আৰু দিলীপ শইকীয়াই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *