ৰাজ্যত অব্যাহত চোৰাং গৰু সৰবৰাহ, কলিয়াবৰত জব্দ দুখন গৰু ভৰ্ত্তি ট্ৰাক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ অক্টোবৰ: ৰাজ‍্যত বৰ্তমানেও অব‍্যাহত আছে চোৰাং গৰু সৰবৰাহৰ ঘটনা। কলিয়াবৰত চোৰাং গৰু ভৰ্ত্তি দুখন ট্ৰাক জব্দ হোৱাৰ পাছতেই পুণৰ প্ৰমাণিত হল এই ঘটনা । লক্ষীমপুৰ -ধেমাজি এলেকাৰ পৰা নিশা কলিয়াবৰ হৈ ৰূপহীলৈ বুলি গৈ থকাৰ সময়তে গোপন সুত্ৰৰ পম খেদি উলুৱনী আৰক্ষীয়ে চোলঙত অভিযান চলাই পুৱতি নিশা জব্দ কৰে চোৰাং গৰু ভৰ্ত্তি ট্ৰাক দুখন । এখনত ৪৩ টা আৰু আনখনত ২৬ টা গৰু থকা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS 07 C 3681 আৰু AS 17 B 2789 । ইতিমধ্যে দুজনক আটক কৰি এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কলিয়াবৰ আৰক্ষীয়ে । মাত্ৰ এমাহ পূৰ্বে কলিয়াবৰত আৰক্ষীয়ে ৯ খনকৈ চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰাৰ পাছত পুণৰ চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ হোৱাৰ ঘটনাই চোৰাং গৰু সৰবৰাহৰ এটা বৃহৎ চক্ৰয়ে যে এতিয়াও অত্যন্ত সক্ৰিয়তাৰে অসমত কাম কৰি আছে সেয়া পুণৰ প্ৰমান হল । এতিয়া সৰ্বসাধাৰণ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে যে চোৰাং গৰু ভৰ্ত্তি ট্ৰাক কেইখনে ইমান দীঘলীয়া পথ অতিক্ৰম কৰি কেনেকৈ কলিয়াবৰ পাবলৈ সক্ষম হল । এনেধৰণৰ ঘটনাই চোৰাং গৰু সৰহবৰাহ চক্ৰৰ সৈতে এক বৃহৎ অংকৰ স্বাৰ্থত একাংশ আৰক্ষীৰে যে গোপন মিতিৰালি আছে সেই কথাই প্ৰমাণিত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *