ৰঙাগড়াত চাফাই আৰু সজাগতা সমদল : হাতে হাতে বেনাৰ-পোষ্টাৰ-ঝাড়ু লৈ ৰাজ পথলৈ ওলাই আহিল আত্ম সহায়ক গোটৰ শতাধিক মহিলা

কমাৰগাঁও, ২৫ ছেপ্টেম্বৰ : গোলাঘাট জিলা পানী আৰু আনাময় সমিতিৰ উদ্যোগত মহুৰা মৌজাৰ গুটুং বৃন্দাবন আৰু বংকুৱাল জোন তৰা আত্ম সহায় গোটৰ সহযোগত আজি ৰঙাগড়াত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত ‘স্বচ্ছতাই সেৱা ২০১৯’ ৰ লগত সংগতি ৰাখি চাফাই আৰু সজাগতা সমদল উলিয়াই। ৰঙাগড়া জুনিয়ৰ কলেজৰ সমীপৰ পৰা উলিওৱা সজাগতা সমদলত মহিলাসকলে বেনাৰ, পোষ্টাৰ আৰু ঝাড়ু হাতে হাতে লৈ যোগদান কৰি পথৰ দাঁতি অংশ চাফ- চিকুণ কৰে। সজাগতা সমদলত অঞ্চলটোৰ বহু কেইটা আত্ম সহায়ক মহিলা গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰি প্লাষ্টিক বৰ্জন কৰক, আমাৰ গাঁও স্বচ্ছ গাঁও, শৌচালয় ব্যৱহাৰ কৰক, আনাময় বিধি মানি চলক, নিজৰ স্বাস্থ্য সুৰক্ষিত কৰক আদি বিভিন্ন শ্লোগানেৰে ৰঙাগড়াৰ আকাশ বতাহ মুখৰিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *