কমাৰগাঁৱত প্লাষ্টিক আৱৰ্জনা নিষ্কাষণৰ ওপৰত সজাগতা আৰু চাফাই অভিযান

কমাৰগাঁও, ২৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আচঁনি “স্বচ্ছ ভাৰত মিছন” ৰ “অংশ স্বচ্ছতাই সেৱা ২০১৯ ” ৰ অধীনত কমাৰগাঁও থানাৰ অন্তৰ্গত বুধবাৰীত প্লাষ্টিক আৱৰ্জনা নিষ্কাষণৰ ওপৰত আজি সজাগতা আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰগতি আত্ম সহায়ক গোটৰ উদ্যোগত গোলাঘাট জিলা পানী আৰু আনাময় সমিতিৰ সহযোগত ৰূপায়ন কৰা সজাগতা আৰু চাফাই অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰ জিৎ গগৈয়ে। বুধবাৰী শংকৰ পুস্তকালয়ৰ প্ৰাংগণত শুভাৰম্ভ কৰা সজাগতা আৰু চাফাই অভিযান কাৰ্যসূচীত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱা, প্ৰধান শিক্ষয়িত্ৰী ৰূপা বৰুৱা, কমাৰগাঁও থানাৰ সহকাৰী পৰিদৰ্শক ম: জিয়াউল ইছলাম, বোকাখাত মণ্ডল বিজেপিৰ সম্পাদক বেদব্ৰত বৰা, যুৱ মৰ্চাৰ বাবুল বাঢ়ৈ, অ’ বি চি মৰ্চাৰ উপ সভাপতি ৰতন হাজৰিকা, সমাজকর্মী বংশীধৰ বৰা, অনন্ত শইকীয়া, কনেকেশ্বৰ শইকীয়া, প্ৰাক্তন সেনা বিষয়া নিতুল গগৈ, স্বচ্ছ ভাৰত মিছন ( গ্ৰামীণ )ৰ মণ্ডল সমন্বয়ক প্ৰাঞ্জল শৰ্মা, প্ৰগতি আত্ম সহায়ক গোটৰ সম্পাদক নৱজ্যোতি ভৰালীকে ধৰি গোটৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে উপস্থিত থাকি সহযোগিতা আগবঢ়াই। সকলোৱে হাতে হাতে দা, ঝাড়ু লৈ বুধবাৰী শংকৰ পুস্তকালয়ৰ চৌহদ চাফা কৰি মহুৰামুখ কমাৰগাঁও সংযোগী পথৰ দুই কাষৰ হাবি জংগল কাটি চাফা চিকুণ কৰে। ইপিনে পঞ্চায়ত সচিব তথা সমাজকর্মী গোলাপ বৰাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গছ পুলি ৰোপন কৰে। প্লাষ্টিক আৱৰ্জনা নিষ্কাষণৰ উক্ত সজাগতা আৰু চাফাই অভিযান অহা ২ অক্টোবৰলৈকে চলিব বুলি উদ্যোক্তাই জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *