বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক সংঘাট

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ ছেপ্টেম্বৰ: বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক সংঘাট ৷ বুধবাৰে এক নিৰ্বাচন কেন্দ্ৰিক সংঘাটত ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহাবিদ্যালয় খনত ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, অহা এক অক্টোবৰত মহাবিদ্যালয়খনৰ ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ মঙ্গলবাৰে মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন আছিল ৷ মনোনয়ন পৰীক্ষাৰ পাছত কিছু সংখ্যক মনোনয়ন নাকচ হয় ৷ ইয়াকে লৈ মহাবিদ্যালয় খনত বুধবাৰে উত্তপ্ত পৰিবেশৰ উদ্ভৱ হয় ৷ অভিযোগ মতে একাংশ মনোনয়ন পত্ৰ নাকচ হোৱা ছাত্ৰই মহাবিদ্যালয় খনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ একাংশ উদণ্ড ছাত্ৰই মহাবিদ্যালয়ৰ আচবাব নষ্ট কৰে ৷ ইয়াকে লৈ দুটা ফৈদৰ মাজত সংঘাটৰ সূত্ৰপাত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা মহকুমা আৰক্ষী বিষয়াৰ গাড়ীতো আক্ৰমণ কৰি গাড়ীখন অনিষ্ট কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয় চৌহদত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়ন কৰিব লগিয়া হয় ৷ আনকি বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সভাপতিকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যদিও দৈৱ ক্ৰমে তেওঁ ৰক্ষা পৰে ৷ ইতিমধ্যে মহাবিদ্যালয় কতৃপক্ষই উদণ্ড ছাত্ৰ সকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত গোচৰ দিয়াৰ কথা জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *