সাপজুৰি বজাৰ গৃহত স্বচ্ছ ভাৰত অভিযান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ চেপ্তেম্বৰ: গোলাঘাট জিলা জনস্বাস্থ্য বিভাগৰ অধীনস্থ পানী আৰু অনাময় সমিতিৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন “নিকা” ৰ সহযোগত আজি সাপজুৰি সাপ্তাহিক বজাৰ গৃহত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) ৰ অধীনত ছাত্ৰ-ছাত্ৰী, অংগনবাদী কৰ্মী, ৰাইজক লৈ শোভাযাত্রা, সজাগতা সভা, চাফাই কাৰ্য্যসূচী আদি সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত থকা শতাধিক ছাত্ৰ ছাত্ৰী ৰ মাজত টুপী, টি-চাৰ্ট বিতৰন কৰা হয় ৷ নিকাৰ সভাপতি হীৰেন দাস, সম্পাদক প্ৰমোদ হাজৰিকা ই আত ধৰা সভাত জিলা সমন্বয়ক ভাস্কৰজোতি বৰদলৈ, বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতা, কনিষ্ঠ অভিযন্তা বিপুল গগৈ, ডিফলুপথাৰ হাইস্কুল ৰ শিক্ষক প্ৰান্তত ভূঞা, আদিয়ে পলিথিনৰ অপকাৰিতাৰ বিষয়ে বহলাই কোৱাৰ লগতে পলিথিন ব্যৱহাৰৰ নকৰিবলৈ সকলোৰে মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *