শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মণ্ডপ নিৰ্মাণৰ বাবে নিবিদা আহ্বানঃ নিবিদা জমা দিয়াৰ অন্তিম সীমা ৩০ অক্টোবৰ

বোকাখাত, ২৫ ছেপ্টেম্বৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি বোকাখাত মহকুমাৰ ঐতিহ্যমণ্ডিত কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত অহা ৫,৬,৭ আৰু ৮ ফেব্ৰুৱাৰী ২০২০ তাৰিখে অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে আদৰণী সমিতিৰ জৰিয়তে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ পূৰ্ণগতিত চলি আছে ৷ বোকাখাতবাসী ভক্তপ্ৰাণ বাপ-বান্ধৱ, ৰাইজৰ বহু আকাংক্ষিত ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ চাৰিটা মাহ বাকী আছে ৷ অধিৱেশনখনি সৰ্বাঙ্গ সুন্দৰকৈ বিভিন্ন মণ্ডপ সমূহ সজাই পৰাই তুলিবৰ বাবে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰা হৈছে ৷ নিবিদাসমূহৰ বন্দৱস্তীৰ বাবে অহা ১০ অক্টোবৰৰ পৰা নিবিদাৰ প্ৰ-পত্ৰ বিতৰণৰ বিতৰণ কৰা হ’ব ৷ ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে নিবিদাৰ প্ৰ-পত্ৰসমূহ ১০০০ টকাকৈ মাচুল জমা দি তলত উল্লেখ কৰা আদৰণী সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷ দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যালয় খোলা থাকিব ৷ ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে তলত উল্লেখ কৰা ফোন নম্বৰ সমূহতো যোগাযোগ কৰিব পাৰিব ৷ সবিশেষ তথ্যৰ বাবে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰ কান্ত ভূঞা, গাঁও – ম’হমাইকী, ডাক – বোকাখাক, জিলা – গোলাঘাট, পিন – ৭৮৫৬১২, ভ্ৰাম্যভাষ – ৮৬৩৮৫৪১০৪৩ আৰু হোৱাটচআপ নম্বৰ ৯৪০১৩৬২২৫১ত আৰু কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকা, গাঁও – ম’হমাইকী, ডাক – বোকাখাক, জিলা – গোলাঘাট, পিন – ৭৮৫৬১২, ভাম্যভাষ – ৭০০২৩২৮৫৩৯ আৰু হোৱাটআপ নম্বৰ ৯৯৫৪৪২৪৪৬৭ত যোগাযোগ কৰিব পাৰিব ৷ প্ৰ-পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ শেষ দিন ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে ৷ উক্ত তাৰিখৰ পাছত নিবিদা বিচাৰি অহা সকলক নিবিদা যোগান ধৰিব পৰা নাযাব বুলি আদৰণী সমিতিৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে ৷ নিবিদা প্ৰ-পত্ৰসমূহ পূৰণ কৰি বন্ধ খামৰ ভিতৰত ভৰাই নিবিদা বাকচত জমা দিব লাগিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *