কাজিৰঙা বনবিভাগৰ অভিযানত আটক চোৰাং চিকাৰী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ ছেপ্টেম্বৰ: বিহালীত কাজিৰঙাৰ বন বিভাগৰ অভিযান ৷ বিহালী আৰক্ষীৰ সহযোগত বন বিভাগে অভিযান চলাই বিহালীৰ বৰা চুকৰ পৰা আটক কৰে মমিন দাস নামৰ এটা চোৰাং চিকাৰীক ৷ ধৃত চোৰাং চিকাৰীটোক কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ দুসুতিত যোৱা ৩১ মাৰ্চত গঁড় হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৷ বন বিভাগৰ সূত্ৰ মতে ধৃত চোৰাং চিকাৰীটো ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত এটা গঁড় নিধনৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল ৷ কিন্তু আদালতৰ জামিন পোৱাৰ পাছত পুনৰ গঁড় নিধন কাৰ্যত নামি পৰে ৷ ধৃত চোৰাং চিকাৰীটোৱে গঁড় নিধনত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *