বোকাখাত মহাবিদ্যালয় গোৰ্খা ছাত্ৰ একতা সমিতি গঠন

বোকাখাত, ২৫ ছেপ্টেম্বৰ: বোকাখাত মহাবিদ্যালয় গোৰ্খা ছাত্ৰ একতা সভা অনুষ্ঠিত হয় বোকাখাত নব নিৰ্মিত গোৰ্খা ভৱনত। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰী ৰুদ্ৰ ফুয়েল ছেত্ৰীয়ে সভাপতিত্ব কৰা সভাখনিত উপস্থিত থাকে গোলাঘাট জিলাৰ আগছুৰ সভাপতি সঞ্জীৱ ছেত্ৰী, বোকাখাত আগছুৰ সম্পাদক মনিছ ভাৰদ্বাৰাজ,গোলাঘাট জিলাৰ শিক্ষা সম্পাদক দীপক উপাধ্যায়, আগছুৰ সহ সম্পাদক চাহিল ছেত্ৰী আৰু চহলা শাখাৰ সভাপতি দীপক ছেত্ৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ৷ সভাত ২০১৯-২০ বৰ্ষৰ বোকাখাত জে ডি এছ জি মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ পুৰণি সমিতি ভংগ কৰি গোর্খা ছাত্ৰ সন্থাৰ বোকাখাত মহাবিদ্যালয় নামেৰে এটা নতুন শাখা গোট আজি গঠন কৰা হয়‌। য’ত পবিত্ৰ ছেত্ৰীক সভাপতি আৰু অনিছা উপাধ্যায়ক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। ৩৬ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰি শপত বাক্য পাঠ কৰাই গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰীয়ে ৷ লগতে তেওঁ কয় যে, ২ অক্টোবৰত গোৰ্খা ছাত্ৰ মহাবিদ্যালয়ৰ নতুন ছাত্র ছাত্ৰীৰ মাজত চিনাকি পৰ্ব অনুষ্ঠিত হব ।

Leave a Reply

Your email address will not be published. Required fields are marked *