নুমলীগড়ৰ মৰঙিত ভয়াবহ পথ দুৰ্ঘটনা, নিহত ২, আহত ৪

কাজিৰঙা লাইভ, নুমলীগড়, ২৬ ছেপ্তেম্বৰ : নুমলীগড়ৰ মৰঙি সাৰৰগাঁও সমীপৰ শিশু ভৱন বিদ্যালয়ৰ কাষত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আৱকাৰী পৰিদৰ্শক সহ নিহত ২,আহত ৪ জন। জানিব পৰা মতে বুধবাৰে নিশা গুৱাহাটীৰ অৱকাৰী বিভাগৰ বিশেষ অভিযানকাৰী দলটোৱে গোলাঘাটৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্থ টাটা চুমুখনত আছিল আৱকাৰী ইনটেলিজেণ্ট ব্যুৰ সহ ছয়জনীয়া এটা দল। মৰঙী সাৰৰ গাঁৱৰ সমীপৰ শিশু ভৱন বিদ্যালয়ৰ কাষত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত নিশা আবকাৰী বিভাগৰ চোৰাংচোৱা দলটোৰ AS 01 DJ 0801 নম্বৰৰ টাটা চুমু আৰু বিপৰীতমুখী NL 05 G 1049 নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত টাটা চুমুখন জ্বলি ছাই হৈ যায় । টাটা চুমুখনত থকা আবকাৰী পৰিদৰ্শক চামূ মাইবংচা আৰু অভিযানকাৰী দলটোৰ ৰমেন বনজাঙ বাহনখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় । আবকাৰী চোৰাংচোৱা বিভাগৰ আন চাৰিজন ক্ৰমে হৰেকৃষ্ণ কুমাৰ,সূন্দৰ বৰি,টানু ইনজাল আৰু জাহিদুল হক গুৰুত্বৰভাৱে আহত হৈ বৰ্তমান গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আটাইকেইজনৰে অৱস্থা সংকটজনক। ইফালে ডাম্পাৰখনৰ চালকসহ হেন্দিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *