বোকাখাতত দুৰ্বৃত্তৰ আক্ৰমণত আহত “ফ্লেভাৰছৰ” স্বত্তাধিকাৰী

কাজিৰঙা লাইভ, বোকাখাত, ২৬ ছেপ্টেম্বৰ: বোকাখাতত দিনক দিনে বৃদ্ধি পাই আহিছে অসামাজিক কাৰ্য কলাপ ৷ অসাামাজিক কাৰ্য কলাপ ৰোধ কৰাত আৰক্ষীৰ ব্যৰ্থতাই চিন্তিত কৰি তুলিছে সাধাৰণ নাগৰিকক ৷ ইয়াৰ মাজতে বুধবাৰে নিশা বোকাখাতৰ “ফ্লেভাৰছৰ” নামৰ বিপনী খনৰ স্বত্তাধিকাৰী পাপু গুপ্তা আৰু তেওঁৰ পুত্ৰ অৰবিন্দ কুমাৰ গুপ্তাক বোকাখাতৰ কেইজনমান যুৱকে সাধাৰণ কথাতে শাৰীৰিক ভাৱে আক্ৰমন কৰি পলায়ন কৰে । অভিযোগ মতে অৰিন্দমে ATM ৰ পৰা ওলাই অহাৰ অৱস্থাত বাটত ৰৈ থকা কেইজন মান যুৱকক পথ এৰিদিবলৈ কোৱাতে যুৱক কেইজনে অৰিন্দমক শাৰীৰিক ভাৱে আক্ৰমন কৰে ৷যুৱক কেইজনৰ আক্ৰমনৰ পৰা পুত্ৰক বচাবলৈ পিতৃ পাপু গুপ্তা আগবাঢ়ি অহাত তেওঁকো ডিঙিত প্ৰহাৰ কৰি যুৱক কেইজন পলায়ন কৰে ৷ আক্ৰমন কৰা যুৱকৰ দলটো বোকাখাত স্থানীয় যুৱক বুলি ভাষ্য প্ৰদান কৰিছে আহত পিতৃ পুত্ৰই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *