চৰকাৰৰ আশা এৰি হাতে কামে লাগিল গঞা। মন্ত্রী কেশৱ মহন্তক আবেদন-নিবেদন কৰিও নাপালে কোনো সু-ফল।

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৬ ছেপ্টেম্বৰ: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভেছেলীমাৰীৰ কলংৰ ওপৰত থকা এখন কাঠৰ দলং ২০১৬ চনৰ প্ৰৱল বানপানীয়ে উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত পুনৰ নিৰ্মাণ নহ’ল দলং খনৰ। কলিয়াবৰ আৰু চামগুৰি বিধান সভা সমষ্টিৰ মাজৰ সংযোগী জৰাজীৰ্ণ বাঁহৰ দলংখনেই এতিয়া ২০ খন কৈ গাওঁৰ যাতায়তৰ একমাত্ৰ ভৰষা। চৰকাৰ তথা স্থানীয় বিধায়ক,মন্ত্ৰী কেশৱ মহন্তক ৰাইজে বহু আবেদন নিবেদন কৰাৰ পাছতো গা নলৰিল স্থানীয় বিধায়ক তথা চৰকাৰৰ ৷ উপায়ন্তৰহৈ হাতত দা- কটাৰী বাঁহ লৈ ওলাই আহিল বহুকেইখন গাৱঁৰ ৰাইজ । দা-কটাৰী লৈ সকলো ব্যস্ত হৈ পৰিল দলংখনৰ মেৰামতি কামত । দলং খনেৰে দৈনিক ২০ খন গাওঁৰ ৰাইজ, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱা কৰে । কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক বহু বাৰ ৰাইজে অনুৰোধ জনাইছিল এখন পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়তৰ ব্যৱস্থা সুচল কৰি দিবৰ বাবে ৷ কিন্তু তেওঁলোকৰ অনুৰোধ ক কোনো গুৰুত্ব আৰোপ নকৰাত অৱশেষত পৰিবৰ্তন কামি চৰকালৈ কোনো ভৰষা নকৰি ৰাইজে ১০০/২০০ টকাকৈ বৰঙণি সংগ্ৰহ কৰি সাজিবলৈ লৈছে বাহৰ দলং ৷

Leave a Reply

Your email address will not be published. Required fields are marked *