বোকাখাতৰ কুৰুৱাবাহীত বাছ দুৰ্ঘটনা। ৩ জনৰ অৱস্থা সংকটজনক

কাজিৰঙা লাইভ, বোকাখাত, ২৬ ছেপ্টেম্বৰ: বোকাখাতৰ কুৰুৱাবাহীত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ বাছখনে ধুবুৰীৰ বিলাসীপাৰাৰ পৰা যোৰহাটলৈ ৩০ জন যাত্ৰী লৈ গৈ থকা অৱস্থাত কুৰুৱাবাহীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত বাছখনত থকা শিশু সহ অধিকাংশ যাত্ৰীয়েই কম বেছি পৰিমানে আহত হয় ৷ আহতসকলক বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে এটি শিশুকে ধৰি তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ সংকটজনক তিনিওকে উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনা গ্ৰস্ত বাছ খনৰ নম্বৰ AS 24 C 2177 ৷ যান্ত্ৰিক বিজুতিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাচখন বাগৰি পৰা বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *