বোকাখাতৰ যুৱকৰ মহানুভৱতাঃ চিকিৎসালয় নিৰ্মাণৰ বাবে চৰকাৰলৈ মাটি দান
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩১ মাৰ্চ: ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰলৈ এবিঘা মাটি দানৰ ইচ্ছা প্ৰকাশ কৰি চৰকাৰলৈ পত্ৰ বোকাখাতৰ যুৱকৰ ৷ সমগ্ৰ বিশ্বত ক’ৰনা ভাইৰাচে সংহাৰী ৰূপ লোৱাৰ সমান্তৰালভাৱে ভাৰততো তীব্ৰ গতিত বাঢ়িছে ক’ৰনাৰ সংক্ৰমণ ৷ লগে লগে সমগ্ৰ ভাৰতৰ লগতে উত্তৰ পূৱৰ অসমতো ক’ৰনাৰ সংক্ৰমণ ৰোধৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ এনে সময়তে ৰাজ্যখনৰ বহু লোকে ক’ৰনাৰ স’তে যুঁজিবলৈ স্বেচ্ছাই সাধ্যানুসৰি আগবঢ়োৱাৰ সময়তে বোকাখাতৰ ৰুদ্ৰ ছেত্ৰী নামৰ যুৱক জনে চৰকাৰলৈ ক’ৰনা ৰ স’তে যুঁজিবলৈ চিকিৎসালয় নিৰ্মাণৰ বাবে বা চিকিৎসাৰ বাবে প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিবলৈ এবিঘা মাটি অসম চৰকাৰক প্ৰদান কৰিছে ৷ ৰুদ্ৰ ছেত্ৰীয়ে ইতিমধ্যে বোকাখাত মহকুমাৰ উত্তৰ মহুৰাত থকা তেওঁৰ এবিঘা মাটি চৰকাৰক দিবলৈ ইচ্ছা প্ৰকাশ কৰি এক পত্ৰ ৰাজ্যৰ কৃষিমন্ত্ৰীৰ হাতত অৰ্পন কৰে ৷ দাতা ৰুদ্ৰ ছেত্ৰী অসম গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সাংগঠনিক সম্পাদক ৷