৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শাক পাছলি সৰবৰাহত বাধা আৰক্ষীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ এপ্ৰিল: গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শাক পাছলি সৰবৰাহত বাধা আৰক্ষীৰ ৷ নামনিৰ দিশৰ পৰা উজনিলৈ শাক পাছলি সৰবৰাহ কৰা যান-বাহনক আজি কাজিৰঙাৰ পৰা ওভতাই পঠিয়ালে আৰক্ষীয়ে । ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে অধিক সতৰ্ক হৈ পৰিছে আৰক্ষী প্ৰশাসন । লকডাউন চলি থকাৰ সময়ত শাক পাছলিৰ অভাব পূৰণৰ বাবে নামনিৰ পৰা উজনিলৈ সৰবৰাহ হৈ আছিল শাক পাছলি ৷ কিন্তু ৰাজ্যত কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাতৰিয়ে ৰাজ্যত আতংকৰ সৃষ্টি কৰাৰ লগতে দিল্লীৰ নিজামুদ্দিনৰ পৰা অহা বহু সংখ্যক লোকৰ বৰ্তমানেও সন্ধান নোলোৱাৰ খবৰে সকলোকে শংকিত কৰি তুলিছে। গতিকে এনে পৰিস্থিতিত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অধিক সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহন কৰি বুধবাৰে নিশাৰে পৰা কাজিৰঙাৰ কহঁৰাত নামনি দিশৰ পৰা শাক পাছলি লৈ অহা যান-বাহন সমূহ কহঁৰা চাৰি আলিৰ পৰাই ওভতাই পঠিয়াইছে আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *