দৰিদ্ৰৰ বিনামূলীয়া চাউল হৰলুকি কাজিৰঙা সমবায় সমিতিৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ এপ্ৰিল: যি সময়ত এমুঠি মান চাউলৰ বাবে ৰাজ্যৰ দৰিদ্ৰ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগীয়া অৱস্থা হৈছে সেই সময়তেই ভূতৰ ওপৰত দানহ হৈ পৰিছে কাজিৰঙা সমবায় সমিতি। সম্প্ৰতি সমগ্ৰ দেশত লক্ ডাউনৰ বাবে উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰা দৰিদ্ৰ লোক সকললৈ চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাউল হৰলুকিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাজিৰঙা সমবায় সমিতিৰ বিৰুদ্ধে ৷ চৰকাৰী নিৰ্দেশনা মতে প্ৰতিটো দৰিদ্ৰ হিতাধিকাৰীৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে ৫ কেজিকৈ চাউল সমবায় সমিতিৰ যোগেদি বিতৰণ কৰা হ’ব ৷ কিন্তু কাজিৰঙা সমবায় সমিতিয়ে প্ৰতিটো পৰিয়ালক দুই ৰ পৰা তিনি কেজি চাউল কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী সকলে ৷ লক্ ডাউনৰ সময়ত ঘৰতে সোমাই থাকিব লগা হোৱা দৰিদ্ৰ পৰিয়ালৰ একাংশই খাদ্যৰ অভাৱত এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিব লগীয়া হোৱাৰ সমান্তৰালভাৱে একাংশই ভোকে লঘোণেও থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিৰ মাজত কাজিৰঙা সমবায় সমিতিৰ এনে অমানৱীয় কাণ্ডক সকলোৱে ধিক্কাৰ দিছে ৷ আনহাতে এই বিষয়ে জানিবলৈ দিনৰ ভাগত কাজিৰঙা সমবায় সমিতিৰ কাৰ্যালয়ত সাংবাদিক গৈ উপস্থিত হয় যদিও কাৰ্যালয়টোত উপস্থিত নাছিল এজনো কৰ্মচাৰী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *